বিলাসীপাৰাৰ বেলতলীত অনুষ্ঠিত হয় এ আই ইউ ডি এফ দলৰ বিশেষ সভা
ধুবুৰী, ১৮ অক্টোবৰ (হি.স.)। সমাগত বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিলাসীপাৰাৰ বেলতলীত কালি নিশা অনুষ্ঠিত হয় এ আই ইউ ডি এফ দলৰ বিশেষ সভা | জিলা সভাপতি মৌলানা ছলেমান আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন নিৰ্বাচন কেন্দ্ৰীক সভা | সভাত উপস্থিত থাকে পুৱ বিলা
বিলাসীপাৰাৰ বেলতলীত অনুষ্ঠিত হয় এ আই ইউ ডি এফ দলৰ বিশেষ সভা


ধুবুৰী, ১৮ অক্টোবৰ (হি.স.)। সমাগত বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিলাসীপাৰাৰ বেলতলীত কালি নিশা অনুষ্ঠিত হয় এ আই ইউ ডি এফ দলৰ বিশেষ সভা | জিলা সভাপতি মৌলানা ছলেমান আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন নিৰ্বাচন কেন্দ্ৰীক সভা |

সভাত উপস্থিত থাকে পুৱ বিলাসীপাৰাৰ বিধায়ক ছামছুল হুদা জিলা মহিলা মৰ্চাৰ সম্পাদিকা শাভানা আক্তাৰ জ্যেষ্ঠ নেতা ফিৰাজুল হক |সভাত মহিলা নেত্ৰী গৰাকীয়ে কয় যে এ আই ইউ ডি এফ দলৰ দখলত থকা বিলাসীপাৰা সমষ্টিটোৰ মৰ্যাদা ৰক্ষা কৰি এই বাৰৰ নিৰ্বাচনতো নিজৰ দখলতে ৰাখিব লাগিব | তাৰ বাবে দলৰ যুৱ নেতা কৰ্মী সকলে এতিয়াৰে পৰা নিৰ্বাচনী কুজ কাৱাজ আৰম্ভ কৰিব লাগিব | এই খন সভাতে দলৰ নৱ গঠিত বিলাসীপাৰা আৰু চাপৰ যুৱ মৰ্চাৰ বিষয় ববীয়া সকলক সম্বৰ্ধনা জ্ঞাপন কৰে জিলা নেতৃবৃন্দই |

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande