জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা হ’ব প্ৰেক্ষাগৃহৰ নাম
কাছাৰ, ১৮ অক্টোবৰ (হি.স.)। অসম বিশ্ব বিদ্যালয়ত কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব। লগতে নিৰ্মিয়মান ৫০০ আসনযুক্ত প্ৰেক্ষাগৃহটোৰ নামো জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা হ'ব।
বিশ্ববিদ্যালয়খনৰ এক্সিকিউটিভ কাউন্সিলৰ ১৭৬ তম বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। অসম বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পন্থৰ সভাপতিত্বত বহা এই বৈঠকত ৰাজ্য বাসীৰ আবেগ আৰু অনুভূতিৰ প্ৰতি শ্ৰদ্ধা জনাই এনে সিদ্ধান্ত লোৱা হয়। অধ্যাপক পন্থে কয় যে ৰাজ্য চৰকাৰৰ বিত্তিয় অনুদানেৰে নিৰ্মিয়মান প্ৰেক্ষাগৃহটো জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব।
লগতে প্ৰেক্ষাগৃহৰ সমুখত স্থাপন কৰা হ'ব কিংবদন্তি শিল্পী গৰাকীৰ এটা প্ৰতিমূৰ্তি। অসম বিশ্ব বিদ্যালয়ৰ ডিফু কেম্পাছত নৱনিৰ্মিত কনফাৰেন্স হ'লো জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ প্ৰদোষ কিৰণ নাথে জানিবলৈ দিয়ে ।
উল্লেখ্য যে জুবিন গাৰ্গে শৈশৱ আৰু স্কুলীয়া জীৱন বৰাক উপত্যকাৰ কৰিমগঞ্জ চহৰত অতিবাহিত কৰিছিল।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী