চতিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
বিশ্বনাথ, ১৮ অক্টোবৰ (হি.স.)। চতিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এক গোপনসূত্ৰৰ পমখেদি চতিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। চতিয়াৰ মুদৈ গাৱঁৰ দীপাংকৰ ৰাজখোৱাৰ বাসগৃহত মজুত কৰি ৰখা ১৭ টাকৈ পেকেটত ৮৪.৪৯২ কেজি গাঞ
চতিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ


বিশ্বনাথ, ১৮ অক্টোবৰ (হি.স.)। চতিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ।

বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এক গোপনসূত্ৰৰ পমখেদি চতিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। চতিয়াৰ মুদৈ গাৱঁৰ দীপাংকৰ ৰাজখোৱাৰ বাসগৃহত মজুত কৰি ৰখা ১৭ টাকৈ পেকেটত ৮৪.৪৯২ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম অভিযানকাৰী দল।

এই অভিযানতে দীপাংকৰ ৰাজখোৱাৰ লগতে তেওঁৰ বাসগৃহতে বিশ্বনাথৰ বালিপুখুৰীৰ সুৰেন বৰাকো আটক কৰে আৰক্ষীয়ে।

। আৰক্ষীৰ ভাষ্যমতে জব্দকৃত গাঞ্জাখিনিৰ বৰ্তমান বজাৰ মূল্য প্ৰায় চল্লিছ লাখৰো অধিক হব। আৰক্ষীয়ে অভিযানৰ সময়ত ঘটনাস্থলীৰ পৰা এখন এ এছ ৩২ এ ৭৬০৯ নম্বৰৰ স্কুটীও জব্দ কৰে।

জিলাখনত আৰক্ষীয়ে গাঞ্জা, ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আৰু এই অভিযান অনাগত সময়তো অব্যাহত থাকিব বুলি আৰক্ষীয়ে জনায়। তদুপৰি ধৃত গাঞ্জা সৰবৰাহকাৰী দুটাক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande