বঙাইগাঁওए ১৭ অক্টোবৰ (হি.স.): বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সৃজনগ্ৰামত যোৱাকালি বৃহস্পতিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । তেজপুৰলৈ ৰাওনা হোৱা দুখন বাছ আবদ্ধ কৰি ৰাখে স্থানীয় সংগঠন আৰু একাংশ ৰাইজে । বাছ দুখনত কন কন শিশু তথা বিদ্য়ালয়ত অধ্য়ায়ন কৰি থকা ছাত্ৰ–ছাত্ৰীও আছিল।
উল্লেখ্য় যে বিদ্যালয়ত পঢ়ি থকা ছাত্রকে ধৰি কেচুৱা সহ তেজপুৰৰ ইটা ভাটালৈ কাম কৰিবলৈ অৰ্ধশতাধিক শ্ৰমিক কৰ্মচাৰীক বাছ যোগে লৈ যোৱাৰ যো–জা কৰা হৈছিল । টকাৰ প্ৰলোভনৰে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীক কামলৈ লৈ যোৱাৰ চেষ্টা চলাইছিল দুষ্ট চক্ৰটোৱে । বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ পৰা এনেকৈয়ে লৈ যোৱা হৈছে বহু শিশু শ্ৰমিক । এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা সংগঠনসমূহে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ