ৰঙিয়াত বিশাল পশু চিকিৎসা কেন্দ্ৰ মুকলি
কামৰূপ, ১৭ অক্টোবৰ (হি.স.)। ৰঙিয়াত বিশাল পশু চিকিৎসা কেন্দ্ৰ মুকলি। পোহনীয়া জীৱ-জন্তু তথা জীৱকুলৰ বিভিন্ন ৰোগ, অস্ত্ৰোপ্ৰচাৰ,ঔষধ,ইত্যাদি সহজলভ্য হোৱাকৈ আজিৰে মুকলি কৰা হ''ল গুড উইল ভেট ক্লিনিক নামৰ এখন ব্যক্তিগত চিকিৎসা কেন্দ্ৰ।কেবাগৰাকীও অভিজ্ঞ
ৰঙিয়াত বিশাল পশু চিকিৎসা কেন্দ্ৰ মুকলি


কামৰূপ, ১৭ অক্টোবৰ (হি.স.)। ৰঙিয়াত বিশাল পশু চিকিৎসা কেন্দ্ৰ মুকলি। পোহনীয়া জীৱ-জন্তু তথা জীৱকুলৰ বিভিন্ন ৰোগ, অস্ত্ৰোপ্ৰচাৰ,ঔষধ,ইত্যাদি সহজলভ্য হোৱাকৈ আজিৰে মুকলি কৰা হ'ল গুড উইল ভেট ক্লিনিক নামৰ এখন ব্যক্তিগত চিকিৎসা কেন্দ্ৰ।কেবাগৰাকীও অভিজ্ঞ পশু চিকিৎসকৰ অধিনত উক্ত চিকিৎসা কেন্দ্ৰটোত উপলব্ধ হ'ব উন্নত মানৰ চিকিৎসা সেৱা।

ৰঙিয়াৰ বিশিষ্ট ব্যাৱসায়ী সৌৰভ কলিতাৰ সুস্থ চিন্তাৰে গড় দিয়া এই চিকিৎসা কেন্দ্ৰত অত্যাধুনিক অস্ত্ৰোপ্ৰচাৰ কক্ষ,ৰেবিজকে আদি কৰি বিভিন্ন প্ৰতিষেধক উপলব্ধ হ'ব। উল্লেখ্য যে সমগ্ৰ নামনি অসমৰ ভিতৰতেই ব্যক্তিগত খণ্ডৰ এই বৃহৎ পশু চিকিৎসা কেন্দ্ৰটোৰ দ্বাৰা বৰপেটা, নলবাৰী,তামুলপুৰ দৰঙৰ দৰে জিলাসমূহৰ ৰাইজেও উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande