উত্তৰাখণ্ড এআই ইমপেক্ট ছামিট ২০২৫ত অংশগ্ৰহণ কৰিব জিতিন প্ৰসাদ
ডেৰাডুন, ১৭ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদ আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰে উত্তৰাখণ্ড ভ্ৰমণ কৰি আছে। আজি (শুকুৰবাৰ) তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগত আয়োজিত উত্তৰাখণ্ড এ আই ইমপেক্ট ছামিট ২০২৫ৰ মুখ্য অতিথি হিচাপে জিতীন প্ৰসাদ আৰু ৰাষ্ট্ৰীয় পুষ্টি মাহৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাবিত্ৰী ঠাকুৰে।
উত্তৰাখণ্ডত কৃত্ৰিম বুদ্ধিমত্তা (এআই) ভিত্তিক উদ্ভাৱন, সুশাসন, আৰু উদ্যোগীকৰণৰ প্ৰসাৰৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছে। শীৰ্ষ সন্মিলনৰ বিষয়বস্তু হৈছে হিলছ টু হাই-টেক।
এই সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদ। ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰালয়, ইণ্ডিয়া এ আই মিছন, এন আই চি মুখ্য কাৰ্যালয়, আই আই টি ৰুৰকি, আই আই এম কাশীপুৰ, ইউ চি অ’ এছ টি, ইউ পি ই এছ, আৰু ৰাজ্যৰ বিশিষ্ট ষ্টাৰ্টআপৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব।
কর্মসূচীৰ আৰম্ভণি ইউকষ্টৰ সঞ্চালক ডা. দুৰ্গেশ পন্তৰ আৰম্ভণিমূলক ভাষণ আৰু ডিজিটেল কুম্ভ বিষয়ক ভাষণৰ সৈতে হ'ব। তাৰ পাছত ভাৰত এ আই মিছনৰ ভিচন সম্পৰ্কে বক্তব্য ৰাখিব ভাৰত এ আই মিছনৰ পৰিচালক মোহাম্মদ ৱাই. ছাফীৰুল্লাই। লগতে এ আই ইন গভৰ্ণেঞ্চ বিষয়ে উত্তৰাখণ্ড চৰকাৰৰ আই টি সচিবৰ প্ৰেজেণ্টেশ্যন হ'ব।
শীৰ্ষ সন্মিলনৰ কাৰিকৰী অধিবেশনত আই আই টি ৰুৰকি, আই আই এম কাশীপুৰ, আৰু অম্নিপ্ৰেজেণ্ট টেকৰ চি ই অ’সকলে এ আই ভিত্তিক উদ্ভাৱন আৰু উদ্যোগীকৰণৰ ওপৰত নিজৰ মতামত ভাগ-বতৰা কৰিব। ইয়াৰ উপৰিও এছটিপিআই আৰু আইআইএম কাশীপুৰ সমৰ্থিত ষ্টাৰ্টআপসমূহে তেওঁলোকৰ উদ্ভাৱনসমূহ উপস্থাপন কৰিব।
এন আই চিৰ এ আই সেৱা সন্দৰ্ভত এক বিশেষ অধিবেশন উপস্থাপন কৰিব এন আই চিৰ মুখ্য কাৰ্যালয়ৰ উপ-সঞ্চালক প্ৰধান শৰ্মিষ্ঠা দাসে। কাৰ্যসূচীৰ আলোকপাত হ'ব ইউপিইএছৰ উপাচাৰ্য অধ্যাপক ৰাম শৰ্মাৰ অধ্যক্ষতাত গ্ল'বেল এআই ট্ৰেণ্ডছ এণ্ড ডেভেলপমেণ্টছ: ইমপেক্ট অন উত্তৰাখণ্ড বিষয়ক পেনেল আলোচনা। আইটিডিএৰ জেনেৰেল মেনেজাৰ (ইমাৰ্জিং টেকন’লজি) ৰাম এছ ইউনিয়ালে ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানটোৰ সামৰণি মাৰিব।
ৰাষ্ট্ৰীয় পুষ্টি মাহৰ সামৰণি অনুষ্ঠানত সাবিত্ৰী ঠাকুৰ
ডেৰাডুনৰ হিমালয় সংস্কৃতি কেন্দ্ৰত আজি অনুষ্ঠিত হ’বলগীয়া অষ্টম ৰাষ্ট্ৰীয় পুষ্টি মাহৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰ। উত্তৰাখণ্ড চৰকাৰৰ মহিলা সৱলীকৰণ আৰু শিশু উন্নয়ন মন্ত্ৰী ৰেখা আৰিয়া আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গণেশ যোশীও উপস্থিত থাকিব এই অনুষ্ঠানত। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, আৰু উত্তৰাখণ্ড চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংগনবাড়ী কৰ্মী আৰু সহায়কসকলেও অংশগ্ৰহণ কৰিব।
এই অনুষ্ঠানত মিছন সাক্ষম অংগনবাড়ী আৰু নিউট্ৰিচন ২.০ৰ অধীনত নিউট্ৰিচন চেম্পিয়নসকলক সন্মান জনোৱাৰ লগতে কিশোৰী ছোৱালীক মহালক্ষ্মী কিট বিতৰণ কৰা হ’ব। মিছন শক্তি চেম্পিয়নসকলকো সম্বৰ্ধনা জনোৱা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া