পশ্চিম কাৰ্বি আংলঙ, অক্টোবৰ (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তবৰ্তী তাপাতত উন্নয়নৰ ফোঁপোলা স্বৰূপ। এফালে ৰজাঘৰীয়াৰ চৰম অৱহেলাত নুন্যতম উন্নয়নৰ পৰাও বঞ্চিত সীমান্তবাসীৰ দুৰ্বিষহ জীৱন সংগ্ৰাম। আনপিনে সিপাৰৰ খাচীয়াৰ আগ্ৰাসনৰ পৰা সীমান্ত সুৰক্ষাৰ বাবে যুদ্ধকালীন সমৰসজ্জা অসম আৰক্ষীৰ। সীমান্তবৰ্তী তাপাতত বহুবছৰ পুৰ্বেই পুতা হ'ল বিদ্যুতৰ খুটি পিছে আজিলৈকে নহ'ল বিদ্যুৎ সংযোগ,বিশুদ্ধ খোৱাপানীৰ অভাৱত এতিয়াও খাব লাগে জুৰিৰ পানী,বিদ্যালয়ৰ নামত আছে মাত্ৰ এখন প্ৰাথমিক বিদ্যালয়৷
ভূতৰ ওপৰত দানৱ পৰা দি আকৌ গাঁৱখনৰ লগতে বৃহত্তৰ সীমান্তবৰ্তী অঞ্চলটোৰ সাৰুৱা ভূমিৰ ওপৰত মেঘালয়ৰ লোলুপ দৃষ্টিৰ বাবে প্ৰতিনিয়ত সীমান্তবাসী লোকসকলে অতিক্ৰম কৰিব লগা হৈছে ভয় আৰু শংকাৰ মাজেৰে। বিগত বহুদিনৰে পৰা সীমাবিবাদক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ সীমান্তবৰ্তী লোকৰ মাজত সংগঠিত হৈ আহিছে ৰক্তক্ষয়ী সংঘাতৰ। অসমৰ ভূমিত গছ ৰোপনকে ধৰি অন্য যিকোনো ধৰণৰ উন্নয়নমূলক কাৰ্যতো বাধা প্ৰদান কৰি আহিছে অসমৰ ভূমিক মেঘালয়ৰ বুলি দাবী কৰা সিপাৰৰ খাচীয়া সকলে। বিপৰীতে অসমৰ ভূমিৰ ভিতৰতে নিৰ্বিঘ্নে কৃষি উৎপাদন কৰি নিছে সিপাৰৰ খাচীয়া সকলে। যোৱা ৯ অক্টোবৰত এই তাপাত অঞ্চলতে খাচী লোকে ৰোপন কৰা ধান কটাত স্থানীয় কাৰ্বি লোকে বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এক ভয়াৱহ সংঘৰ্ষত অসমৰ ভূমিৰ ভিতৰতেই খাচীয়াৰ দাৰ আক্ৰমনত এজন কাৰ্বি লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছিল।
এই ঘটনাৰ পিছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সীমান্ত সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মাজত আলোচনা চলি থকাৰ বিষয়ে উল্লেখ কৰি অঞ্চলটোৰ পৰিস্থিতি শান্ত নোহোৱালৈকে খাচীয়া কৃষক সকলক ধান কটাৰ পৰা বিৰত থকাৰ আহ্বান জনায় যদিও এই খাচী লোকসকলে বলপুৰ্বক তাপাতত প্ৰবেশ কৰি ধান কটাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যাৰ বাবে অসম আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত গঢ়ি তুলিছে পানী নসৰকা নিৰাপত্তা ব্যৱস্থা। সাময়িক নিৰাপত্তাৰ বিপৰীতে সীমান্তবাসীৰ কাতৰ আহ্বান অসম চৰকাৰৰ লগতে কাৰ্বি পৰিষদে অতি সোনকালে সমাধান কৰক সীমা সমস্যাৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা