নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। ৰাজহুৱা খণ্ডৰ ইউচিঅ’ বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ দ্বিতীয় ত্ৰৈমাসিকৰ ফলাফল ঘোষণা কৰিছে। ৩০ ছেপ্টেম্বৰত সমাপ্ত হোৱা জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত বেংকৰ নিকা লাভ ২.৮২ শতাংশ বৃদ্ধি পাই ৬২০ কোটি টকা হয়। বিগত বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ একেটা ত্ৰৈমাসিকত ইউচিঅ’ বেংকৰ নিকা লাভৰ পৰিমাণ আছিল ৬০৩ কোটি টকা।
শুকুৰবাৰে ইউচিঅ’ বেংকে এক বিবৃতিত কয় যে ৩০ ছেপ্টেম্বৰত সমাপ্ত হোৱা চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ দ্বিতীয় ত্ৰৈমাসিকত বেংকৰ মুঠ ব্যৱসায় ৫.৩৬ লাখ কোটি টকাতকৈ অধিক, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ তুলনাত ১৩.২৩ শতাংশ বেছি। বেংকটোৱে জনোৱা মতে, চলিত বিত্তীয় বৰ্ষৰ জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত মুঠ অগ্ৰিম ধন ১৬.৫৬ শতাংশ বৃদ্ধি পাই ২.৩১ লাখ কোটি টকা হোৱাৰ বিপৰীতে মুঠ জমা ধন ১০.৮৫ শতাংশ বৃদ্ধি পাই ৩.০৬ লাখ কোটি টকা হৈছে।
ইউচিঅ’ বেংকে জনোৱা মতে, চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ দ্বিতীয় ত্ৰৈমাসিকত বেংকটোৰ মুঠ নন-পাৰফৰ্মিং এচেটছ (এনপিএ) ০.৬২ শতাংশ হ্ৰাস পাই ২.৫৬ শতাংশ হৈছে। ইউচিঅ’ বেংক দেশৰ আগশাৰীৰ বেংক। ইয়াৰ মুখ্য কাৰ্যালয় কলকাতাত অৱস্থিত।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া