শ্ৰীভূমি জিলাৰ চৰগোলাত ৬ কোটি টকাৰ য়াবাৰ সৈতে আটক দুজন সৰবৰাহকাৰী
শ্ৰীভূমি, ১৭ অক্টোবৰ (হি.স.)। শ্ৰীভূমি জিলাৰ চৰগোলাত ৬ কোটি টকাৰ য়াবাৰ সৈতে আটক দুজন সৰবৰাহকাৰী। শ্ৰীভূমি আৰক্ষীয়ে ২০ হাজাৰ য়াবা টেবলেট সহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন হ''ল চৰগোলা বসন্তপুৰ গাঁৱৰ চাহাব
শ্ৰীভূমি জিলাৰ চৰগোলাত ৬ কোটি টকাৰ য়াবাৰ সৈতে আটক দুজন সৰবৰাহকাৰী


শ্ৰীভূমি, ১৭ অক্টোবৰ (হি.স.)। শ্ৰীভূমি জিলাৰ চৰগোলাত ৬ কোটি টকাৰ য়াবাৰ সৈতে আটক দুজন সৰবৰাহকাৰী। শ্ৰীভূমি আৰক্ষীয়ে ২০ হাজাৰ য়াবা টেবলেট সহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন হ'ল চৰগোলা বসন্তপুৰ গাঁৱৰ চাহাব উদ্দিন আৰু ইলাছ উদ্দিন।

শ্ৰীভূমিৰ সদৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশা চৰগোলা বজাৰ এলেকাত সাধাৰণ কাপোৰ পিন্ধি এক অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয়। চৰগোলাৰ কালিগঞ্জ গড়কাপ্তানী পথৰ দাঁতিত সাধাৰণ কাপোৰ পিন্ধি বহিছিল আৰক্ষী। সদৰ আৰক্ষীৰ ধৃত লোক দুজনক সন্দেহ কৰাত তেওঁলোকক আটক কৰি লগত থকা এটা বেগত তালাচী চলাইছিল। আৰু তাৰ পাছত বেগবোৰৰ পৰা ১০টাকৈ পেকেটত মুঠ ২০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পিছত উক্ত দুই ড্ৰাগছ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰি সদৰ থানালৈ আনি অধিক তথ্যৰ সন্ধানত তেওঁলোকক শ্ৰীভূমি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande