বিশ্বনাথ, ১৭ অক্টোবৰ (হি.স.)। গহপুৰত বন্দুক, গুলি সহ তিনিজন চোৰাং চিকাৰী কৰায়ত্ত । বিশ্বনাথ আৰু মাজুলী আৰক্ষীৰ যুটিয়া অভিযানত উদ্ধাৰ হৈছে ০.৩০৩ এটা বন্দুক আৰু ৯ জাই সক্ৰীয় গুলি । গোপনসুত্ৰৰ খৱৰৰ ভিত্তিত পুৱতি নিশা গহপুৰৰ ধন্দীপথাৰৰ দেৱজীৎ পেগুৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন্দুকটো ।
আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুহিকান্ত পেগুৰ চিকাৰোক্তিৰ ভিত্তিত মাজুলীৰ ১ নং মিছামৰাৰ পৰা মনোজ পাঠাৰী আৰু উখল চুকৰ কিৰণ পেগুকো কৰায়ত্ত কৰে । বৰ্তমান গহপুৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে। চোৰাং চিকাৰী কেইজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অথবা ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলত এশিঙিয়া গড় নিধন কৰিবলৈ ঘৰটোত আত্মগোপন কৰি আছিল।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু