সোনাৰিত হাতী মানুহৰ সংঘাত
চৰাইদেউ, ১৭ অক্টোবৰ (হি.স.)। চৰাইদেউ জিলাৰ সোনাৰি আঞ্চলিক বন বিভাগৰ অন্তৰ্গত টাউকাক চাহ বাগিছাৰ ১৫ নম্বৰ লাইনত বন্যহস্তীৰ তাণ্ডৱ । কাষতে থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীয়ে কালি নিশা প্ৰায় ১২ মান বজাত সকলো নিদ্ৰাৰত অ
সোনাৰিত হাতী মানুহৰ সংঘাত


চৰাইদেউ, ১৭ অক্টোবৰ (হি.স.)। চৰাইদেউ জিলাৰ সোনাৰি আঞ্চলিক বন বিভাগৰ অন্তৰ্গত টাউকাক চাহ বাগিছাৰ ১৫ নম্বৰ লাইনত বন্যহস্তীৰ তাণ্ডৱ । কাষতে থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীয়ে কালি নিশা প্ৰায় ১২ মান বজাত সকলো নিদ্ৰাৰত অৱস্থাত থকা সময়ত টাউকাক চাহ বাগিচাৰ ১৫ নম্বৰ লাইনত উপদ্ৰৱ চলাই চাৰা কুমাৰ আৰু মাধাই নামৰ দুটা শ্ৰমিক পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।

সেই সময়ত পৰিয়াল দুটাই শুই থকা অৱস্থাতে বাসগৃহ ভাঙি ঘৰৰ ভিতৰত সোমাই ভিতৰৰ বয় বস্তু ভাঙি নষ্ট কৰে হাতীয়ে ঘৰ ভঙা দেখি পৰিয়ালৰ সদস্য সকলে নিৰাপদ স্থানলৈ পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে । হাতীটোৱে অঞ্চলটোৰ ৰাইজৰ বাৰীৰ গছ গছনি ভাঙি খাই তহিলং কৰে। পাছত স্থানীয় ৰাইজে হাতীটো খেদি পঠিওৱা ৰ পাছত বন কৰ্মী ঘটনাস্থলীত উপস্থিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande