নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। উচ্চতম ন্যায়ালয়ে ৯০ জন হিন্দুৰ গণ ধৰ্মান্তৰকৰণ গোচৰত ছুৱাটছ (SHUATS–পূৰ্বৰ এলাহাবাদ কৃষি বিশ্ববিদ্যালয়)ৰ উপাচাৰ্য আৰ বি লালকে ধৰি সাতজন অভিযুক্তৰ বিৰুদ্ধে ৰুজু হোৱা এফ আই আৰ বাতিল কৰিছে। ন্যায়াধীশ জে বি পাদৰিৱালাৰ নেতৃত্বত এখন বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰিছে।
উচ্চতম ন্যায়ালয়ে ২০২৪ চনৰ ১ মাৰ্চত আৰ বি লালকে ধৰি সাতজন অভিযুক্তক নিয়মীয়া জামিন প্ৰদান কৰে। ২০২৩ চনৰ ১৯ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰক জাননী জাৰি কৰি তেওঁলোকৰ গ্ৰেপ্তাৰৰ সময়ত অন্তৱৰ্তীকালীন স্থগিতাদেশৰ অনুমতি প্ৰদান কৰে। আৰ বি লালৰ উপৰিও ৰেখা পেটেল, অধ্যাপক ৰমাকান্ত ডুবে, বিনোদ বিহাৰ লাল, অধ্যাপক ৰাণু প্ৰসাদ, ডেভিদ ফিলিপ, আৰু সুনীল কুমাৰ জনক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰতো অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰদান কৰে আদালতে।
২০২৩ চনৰ ২০ ডিচেম্বৰৰ পূৰ্বে আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দি এলাহাবাদ উচ্চ ন্যায়ালয়ে অভিযুক্তসকলৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এফআইআৰৰ কাৰ্য্যবিধি স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে। উচ্চ ন্যায়ালয়ে এই বিষয়ত সমাজৰ এক বৃহৎ শ্ৰেণীৰ স্বাৰ্থ জড়িত বুলি উল্লেখ কৰে। উচ্চ ন্যায়ালয়ে উল্লেখ কৰে যে তদন্তকাৰী সংস্থাটোৱে ধৰ্মান্তৰকৰণৰ অভিযোগ প্ৰমাণ কৰিবলৈ প্ৰমাণ দাখিল কৰিছে। অভিযোগসমূহ অত্যন্ত গুৰুতৰ আছিল আৰু ইয়াক সহজভাৱে ল’ব নোৱাৰি।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া