নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। সপ্তাহটোৰ শেষৰটো ব্যৱসায়িক দিন শুকুৰবাৰে শ্বেয়াৰ বজাৰখন সেউজীয়া ৰঙেৰে বন্ধ হৈ পৰে। বৃহৎ বেংক আৰু পেট্ৰলিয়াম ষ্টক ক্ৰয় আৰু বিদেশী পুঁজি ক্ৰয়ৰ ফলত বজাৰখন একেৰাহে তৃতীয় দিনটো বুলিছ হৈয়েই আছে। চেন্সেক্সে ৪৮৫ পইণ্ট জপিয়াই পৰাৰ বিপৰীতে নিফটিয়ে ২৫,৭০০ পইণ্টৰ ওপৰত বন্ধ হৈ পৰে।
অস্থিৰ ব্যৱসায়ত বম্বে ষ্টক এক্সচেঞ্জৰ ৩০ শ্বেয়াৰৰ আধাৰিত চেন্সেক্স উঠা নমাৰ মাজতে ৪৮৪.৫৩ পইণ্ট বা ০.৫৮% বৃদ্ধি পাই ৮৩,৯৫২.১৯ত বন্ধ হয়। ব্যৱসায়ৰ সময়ত এটা সময়ত ই ৭০৪.৫৮ পইণ্ট বৃদ্ধি পাই ৮৪,১৭২.২৪ পইণ্টত উপনীত হৈছিল। নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই) নিফটিৰ মূল্য ১২৪.৫৫ পইণ্ট বা ০.৪৯% বৃদ্ধিৰে ২৫,৭০৯.৮৫ত বন্ধ হয়। চেন্সেক্স কোম্পানীসমূহৰ ভিতৰত এছিয়ান পেইণ্টছে সৰ্বাধিক ৪.১৮% লাভ লাভ কৰে। মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, ভাৰতী এয়াৰটেল, হিন্দুস্তান ইউনিলিভাৰ, আইটিচি, আইচিআইচিআই বেংক, আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আদিয়ে লাভৱান হয়। ইফালে ইনফ’ছিছ, এইচচিএল টেক, ইটাৰ্নেল, টেক মহিন্দ্ৰা, আৰু টাটা ষ্টীল পিছপৰাৰ ভিতৰত আছিল।
এছিয়াৰ বজাৰসমূহৰ ভিতৰত দক্ষিণ কোৰিয়াৰ কস্পি ধনাত্মক অঞ্চলত বন্ধ হোৱাৰ বিপৰীতে জাপানৰ নিকেই ২২৫ সূচকাংক, চাংহাইৰ এছ এছ ই কম্পোজিট সূচকাংক আৰু হংকঙৰ হাং চেঙে লোকচানৰ সৈতে বন্ধ হৈ পৰে। ইউৰোপৰ বজাৰসমূহৰ ব্যৱসায় যথেষ্ট কম।
মন কৰিবলগীয়া যে এদিন পূৰ্বে ৩০ শ্বেয়াৰৰ চেন্সেক্সৰ শ্বেয়াৰ ৮৬২.২৩ পইণ্ট বা ১.০৪ শতাংশ জঁপিয়াই ৮৩,৪৬৭.৬৬ পইণ্টত বন্ধ হয়। ইফালে, ৫০ শ্বেয়াৰৰ এন এছ ই নিফটিয়ে ২৬১.৭৫ পইণ্ট বা ১.০৩ শতাংশ বৃদ্ধি পাই ২৫,৫৮৫.৩০ পইণ্টত বন্ধ হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ