নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। সপ্তাহটোৰ শেষৰটো ব্যৱসায়িক দিন শুকুৰবাৰে শ্বেয়াৰ বজাৰত দুৰ্বল আৰম্ভণিৰ পিছত বিদেশী মূলধনৰ সতেজ প্ৰবাহে বজাৰখনক ইতিবাচক দিশলৈ ঘূৰাই আনিছে। একেৰাহে তৃতীয় দিনৰ বাবে শ্বেয়াৰ বজাৰৰ দুয়োটা প্ৰধান সূচকাংক বিএছই আৰু এনএছই বৃদ্ধি পাইছে।
বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্সৰ মূল্য ৬৮৭.৭১ পইণ্ট বা ০.৮২% বৃদ্ধি পাই ৮৪,১৫৫.৩৭ হয়গৈ । নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই) নিফটিৰ মূল্য ১৯৩.৯৫ পইণ্ট বা ০.৭৬% বৃদ্ধি পাই ২৫,৭৭৯.২৫ত উপনীত হয় ।
আৰম্ভণিৰ ব্যৱসায়ত চেন্সেক্সৰ মূল্য ২৬১.৫৮ পইণ্ট হ্ৰাস পাই ৮৩,২০৬.০৮ পইণ্টত উপনীত হোৱাৰ বিপৰীতে এনএছই নিফটিৰ মূল্য ৭৬.৭ পইণ্ট হ্ৰাস পাই ২৫,৫০৮.৬০ পইণ্টত উপনীত হয়। কিন্তু দুয়োটা ডাঙৰ সূচকাংক অতি সোনকালেই পুনৰুদ্ধাৰ হ’ল আৰু চেন্সেক্স আৰু নিফটিয়ে নিজৰ উৰ্ধমুখী ধাৰা অব্যাহত ৰাখিলে।
মন কৰিবলগীয়া যে এদিন পূৰ্বে ৩০ শ্বেয়াৰৰ চেন্সেক্সৰ শ্বেয়াৰ ৮৬২.২৩ পইণ্ট বা ১.০৪% জঁপিয়াই ৮৩,৪৬৭.৬৬ পইণ্টত বন্ধ হয়। ৫০ শ্বেয়াৰৰ এন এছ ই নিফটি ২৬১.৭৫ পইণ্ট বা ১.০৩% বৃদ্ধিৰে ২৫,৫৮৫.৩০ত বন্ধ হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া