নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ড০ হৰিণী অমৰাসুৰিয়াই শুকুৰবাৰে দিল্লীৰ চৰকাৰী বিদ্যালয় ভ্ৰমণ কৰে। শৈক্ষিক ভ্ৰমণৰ অংশ হিচাপে দিল্লীৰ শিক্ষামন্ত্ৰী আশীষ ছুদৰ সৈতে ৰোহিনীৰ সৰ্বোদয় কো-এড স্কুল ভ্ৰমণ কৰে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই ভ্ৰমণৰ সময়ত শিক্ষামন্ত্ৰীয়ে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীক বিদ্যালয়খনৰ কাৰ্যকলাপ, শিক্ষা ব্যৱস্থা, আৰু নতুন পাঠদান পদ্ধতিৰ বিষয়ে অৱগত কৰে।
দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত অত্যাধুনিক আন্তঃগাঁথনি, স্মাৰ্ট শ্ৰেণীকোঠা, নতুন পাঠদান পদ্ধতি, ডিজিটেল শিক্ষা ব্যৱস্থাকে ধৰি ৰূপায়িত হৈ থকা গাঁথনিগত পৰিৱৰ্তনসমূহৰ বিষয়ে ড° হৰিণী অমৰাসুৰিয়াক বিতং তথ্য প্ৰদান কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
বিদ্যালয় ভ্ৰমণৰ সময়ত ড০ অমৰাসুৰিয়াই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰে। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ প্ৰকল্প আৰু ডিজিটেল শিক্ষণ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰে, যিয়ে শ্ৰীলংকাৰ প্ৰতিনিধি দলটোক আপ্লুত কৰে।
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীয়ে দিল্লী চৰকাৰৰ শিক্ষা নীতিক প্ৰশংসা কৰি কয় যে এই আৰ্হিটোৱে উন্নয়নশীল দেশসমূহৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব পাৰে। এই উপলক্ষে শিক্ষামন্ত্ৰীয়ে কয় যে এজন বিদেশী প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগতভাৱে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহ পৰিদৰ্শন কৰি তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে জানিবলৈ অহাটো আমাৰ বাবে গৌৰৱৰ বিষয়। দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহ আজি বিশ্বৰ বাবে আদৰ্শ হৈ পৰিছে। তেওঁ লগতে উল্লেখ কৰে যে আমাৰ বাবে শিক্ষা কেৱল কৰ্মসংস্থাপনৰ উৎসই নহয়, সমাজৰ সমতা আৰু প্ৰগতিৰ আটাইতকৈ শক্তিশালী মাধ্যম।
তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰী ড০ অমৰাসুৰিয়াৰ এই ভ্ৰমণে ভাৰত আৰু শ্ৰীলংকাৰ মাজত শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আৰু আলোচনা আৰু অধিক শক্তিশালী কৰিব। দুয়োখন দেশৰ বিশ্বাস যে গুণগত শিক্ষাই এখন দেশৰ উন্নয়ন আৰু প্ৰগতিৰ ভেটি।
আশীষ ছুদে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নেতৃত্বত দিল্লী চৰকাৰে নিজৰ বিদ্যালয়সমূহক ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে নিৰন্তৰ প্ৰস্তুত কৰি আছে যাতে প্ৰতিটো শিশুৱে আধুনিক শিক্ষা, প্ৰযুক্তি, আৰু নতুন শিক্ষা ব্যৱস্থাৰ সৈতে পৰিচিত হ’ব পাৰে। তেওঁ লগতে উল্লেখ কৰে যে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ এই বিদ্যালয় ভ্ৰমণ কেৱল বিদ্যালয় ভ্ৰমণ নহয় বৰঞ্চ দিল্লীৰ নতুন শিক্ষা ব্যৱস্থাৰ সফলতাৰ প্ৰতীক। এই ভ্ৰমণে দক্ষিণ এছিয়াৰ দুয়োখন গণতান্ত্ৰিক দেশৰ মাজত জ্ঞান আৰু সহযোগিতাৰ এক নতুন দিশৰ সূচনা কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ