হংকং, ১৭ অক্টোবৰ (হি.স.)। ক্ৰিকেট দক্ষিণ আফ্ৰিকাই হংকং ছিক্সেছ ২০২৫ প্ৰতিযোগিতাত সাতজনীয়া দল ঘোষণা কৰিছে। অহা ৭ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ হংকঙৰ টিন কোৱাং ৰোড ৰিক্ৰিয়চন গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।
দক্ষিণ আফ্ৰিকা পাঁচবাৰৰ হংকং ছিক্সেছ চেম্পিয়ন, ১৯৯৫, ২০০৬, ২০০৯, ২০১২, আৰু ২০১৭ চনত এই খিতাপ জয় কৰিছিল। ঘোষিত দলটোৰ নেতৃত্ব দিব ৱাৰিয়ৰ্ছৰ অল-ৰাউণ্ডাৰ জৰ্ডান মৰিছে। দক্ষিণ আফ্ৰিকাৰ ১৯ বছৰ অনুৰ্ধ আৰু টাইটানছৰ যুৱ বেটছমেন জোৰিক ভান শ্বাকৱিককো দলত অন্তৰ্ভুক্ত কৰা হৈছে। ১৮ বছৰীয়া অ’পেনাৰগৰাকীয়ে জুলাই মাহত জিম্বাবুৱেৰ বিৰুদ্ধে দ্বৈত শতক অৰ্জন কৰি শিৰোনাম দখল কৰিছিল। দলটোৰ বেটিং বিভাগক শক্তিশালী কৰিবলৈ বোলেণ্ডৰ ইথান কানিংহাম আৰু ৱেষ্টাৰ্ণ প্ৰভিন্সৰ কাছিফ জোচেফক অন্তৰ্ভুক্ত কৰা হৈছে। ৱেষ্টাৰ্ণ প্ৰভিন্সৰ আব্দুল্লা বায়ৌমী আৰু ডলফিনৰ ব্লেক চিম্পছনক অল ৰাউণ্ডাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ৱেষ্টাৰ্ণ প্ৰভিন্সৰ বেগী বলাৰ ম্বুলেলো ডুবেই বলিং আক্ৰমণৰ নেতৃত্ব দিব।
আফগানিস্তান আৰু নেপালৰ লগতে দক্ষিণ আফ্ৰিকাক গ্ৰুপ এত স্থান দিয়া হৈছে। দলটোৱে ৭ নৱেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব, তাৰ পিছতে ৮ নৱেম্বৰত নেপালৰ বিৰুদ্ধে খেলিব।
দক্ষিণ আফ্ৰিকাৰ সম্পূৰ্ণ দল:
জৰ্ডান মৰিছ (অধিনায়ক), আব্দুল্লা বায়ৌমি, ইথান কানিংহাম, জোৰিক ভান শ্বালকৱিক, ম্বুলেলো ডুবে, কাচিফ জোচেফ, ব্লেক চিম্পছন।
हिन्दुस्थान समाचार / Manoj Kumar Saikia