গুৱাহাটী, ১৭ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ছিংগাপুৰ আৰক্ষীৰ বিবৃতি জাৰি। মৃত্যুৰ প্ৰাৰম্ভিক অনুসন্ধানত ধৰা পৰা নাই কোনো ষড়যন্ত্ৰ।
ছিংগাপুুৰৰ ক’ৰ’নাৰ্ছ আইন অনুসৰি তদন্ত কৰি থকা হৈছে। সমগ্ৰ অনুসন্ধান প্ৰক্ৰিয়া শেষ হ’বলৈ প্ৰায় তিনি মাহ লাগিব।
অনুসন্ধানৰ প্ৰতিবেদন ছিংগাপুৰৰ ৰাষ্ট্ৰীয় ক’ৰ’নাৰত দাখিল কৰিব। কিছুমান ভুল আৰু আনুমানিক তথ্য প্ৰচাৰ হোৱাৰ অভিযোগ ছিংগাপুৰ আৰক্ষীৰ। জুবিন গাৰ্গৰ মৰণোত্তৰ প্ৰতিবেদন ভাৰতৰ উচ্চায়ুক্তক দাখিল কৰা বুলি তথ্য প্ৰকাশ।
অনুসন্ধানত লাভ কৰা প্ৰাৰম্ভিক তথ্যও কৰা হৈছে দাখিল। ছিংগাপুৰ পুলিচ ফ’ৰ্চে কোনো খুঁত ৰখা নাই তদন্তত। ৰাইজক ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে বিবৃতিটোত।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী