শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক ডিমা হাছাও জিলাৰ হাফলং উপ-কাৰাগাৰালৈ প্ৰেৰণ
গুৱাহাটী, ১৭ অক্টোবৰ(হি.স.)। অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবীন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা দুই অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক শুকুৰবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল। ইয়াৰ পুৰ্বে পাণবজাৰৰ চিজেএম আদালতত হাজিৰ ক
শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক ডিমা হাছাও জিলাৰ হাফলং উপ-কাৰাগাৰালৈ প্ৰেৰণ


গুৱাহাটী, ১৭ অক্টোবৰ(হি.স.)। অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবীন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা দুই অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক শুকুৰবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল। ইয়াৰ পুৰ্বে পাণবজাৰৰ চিজেএম আদালতত হাজিৰ কৰোৱা হৈছিল দুই অভিযুক্তক। আদালতে দুয়োকে প্ৰেৰণ কৰে ১৪ দিনৰ ন্যায়িক জিম্মালৈ। বৃহস্পতিবাৰে নিশাই দুয়োৰে আৰক্ষীৰ জিম্মাৰ ম্যাদৰ অন্ত পৰিছিল ।

আন অভিযুক্তৰ দৰেই কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল দুই অভিযুক্তক। ৩ অক্টোবৰত এছআইটিয়ে গ্ৰেপ্তাৰ কৰিছিল অমৃতপ্ৰভা-শেখৰক। ডিমা হাছাও জিলাৰ হাফলং উপ-কাৰাগাৰত ৰখা হ’ব দুয়ো গৰাকী অভিযুক্তক।

প্ৰাণৰ শিল্পী জুবীন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সৈতে জৰিত থকাৰ অভিযোগত এছআইটিৰ জিম্মাত আছিল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande