কোকৰাঝাৰ, ১৭ অক্টোবৰ (হি.স.)। আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত টিপকাই আদৰ্শ চিকিৎসালয়ত অসম চৰকাৰৰ উদ্যোগত চলি থকা “শুশ্ৰুষা সেতু” আঁচনিৰ অধীনত দ্বিতীয় মেগা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। শিবিৰখনৰ উদ্বোধন বিটিচিৰ কাৰ্যবাহী সদস্য মুনমুন ব্ৰহ্মই কৰে।
আজিৰ এই মেগা স্বাস্থ্য শিবিৰত মুঠ ১,৫৫১ জন ৰোগীয়ে বিভিন্ন ধৰণৰ চিকিৎসা সেৱা লাভ কৰে। শিবিৰত মুঠ ১,৩২৮ টা লেব পৰীক্ষা কৰা হয় যাৰ ভিতৰত ১৫০ জন ৰোগীৰ লেব পৰীক্ষা, ২৫৩ জনৰ দাঁত পৰীক্ষা, ১০৭ জনৰ কেঞ্চাৰ পৰীক্ষা, ৫৯জনৰ এইচ.আই.ভি পৰীক্ষা, ৫৮০জনৰ টিবি পৰীক্ষা, ৩২ টা আল্ট্ৰাছাউণ্ড (ইউ এছ জি) পৰীক্ষা আৰু ২৫ টা টিকা পৰিৱেশন সম্পন্ন কৰা হয়। আনহাতে ১৫১জন ৰোগীক উন্নত চিকিৎসাৰ বাবে ৰেফাৰও কৰা হয়। ইয়াৰ উপৰিও পি এম জে এ ৱাই কাৰ্ড বিতৰণ, ই-কে ৱাই চি সম্পন্নকৰণ, আধাৰ কাৰ্ড নবীকৰণ আদিৰ দৰে সেৱা উপলব্ধ কৰা হয়।
“শুশ্ৰুষা সেতু” উদ্যোগৰ অধীনত ইয়াৰ লগতে আন বিধানসভা সমষ্টিসমূহতো আগন্তুক দিনত একে ধৰণৰ মেগা স্বাস্থ্য শিবিৰ আয়োজন কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ