পশ্চিম কাৰ্বি আংলং, ১৭ অক্টোবৰ (হি.স.)। পশ্চিম কাৰ্বি আংলং জিলাৰ ছাৰ্ছিমত শ্বহীদ দিৱস উদয়াপন। অভিশপ্ত ২০০৫ চনৰ ১৭ অক্টোবৰত সংঘটিত কাৰ্বি পৰিষদৰ যাত্ৰীবাহী বাছত চলা নৰহত্যাত নিমিষতে প্ৰাণ গৈছিল ৪১ জনকৈ লোক ৷ সশস্ত্ৰ বাহিনী কাৰ্বি-ডিমাছাৰ দুই সংগঠনৰ ফলত সৃষ্টি হোৱা গোষ্ঠীগত সংঘৰ্ষই সেই দিন কাল আছিল। সংঘৰ্ষত দুখনকৈ কাৰ্বি পৰিষদৰ বাছত ডিমাচা সশস্ত্ৰ সংগঠনৰ বাহিনীয়ে চলোৱা নৰহত্যাত বাছ জ্বলাই ভষ্মীভূত কৰাৰ লগতে ৪১ জনকৈ নিৰীহ লোকৰ জীৱন্তে কাটি-খুচি গুলীয়াই হত্যা কৰা হৈছিল ৷
ছাৰছিমৰ সেই অভিশপ্তৰ দিনটোৰ সৈতে সংগতি ৰাখি আজি দুই পাৰ্বত্য জিলাৰ জন সাধাৰণে আজিৰ দিনটোত ক’লা দিৱস হিচাপে পালন কৰে ৷ লগতে প্ৰতি বছৰৰ দৰে এই বছৰো আজিৰ দিনটোত কাৰ্বি জনজাতিৰ লগতে কাৰ্বি আংলং বাসীয়ে ছাৰ্ছিমৰ য’ত নৰহত্যা সংঘটিত হৈছিল সেই ঠাই বিভিন্ন দল-সংগঠন আৰু জাতীয় সামাজিক সংগঠন সমূহে একত্ৰিত হৈ সশস্ত্ৰ সংগঠনৰ বন্দুকৰ গুলিত অঁকাল মৃত্যু হোৱা লোক সকলক স্মৰণ কৰে ৷ আজিৰ এই অভশপ্ত কাৰ্যসুচীত কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী ড° তুলিৰাম ৰংহাং আৰু জাতীয় সংঠনৰ উপস্থিতিত এই শ্বহীদ দিৱসত মৃতকৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে ঘটনাৰ CBI তদন্তৰ দাবী কৰে ড° তুলিৰাম ৰংহাঙে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু