শুৱালকুছিৰ পদপথত গীত আৰু কবিতাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
কামৰূপ, ১৭ অক্টোবৰ (হি.স.)। শুৱালকুছিৰ পদপথত গীত আৰু কবিতাৰে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। আকাশে-বতাহে যেন এতিয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতৰে সুৰ । আজিও প্ৰাণৰ শিল্পী গৰাকীৰ বিয়োগত অসমীয়াৰ চকু চকুপানীৰে ভৰপূৰ । শুৱালকুছিৰ ৰ
শুৱালকুছিৰ পদপথত গীত আৰু কবিতাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি


কামৰূপ, ১৭ অক্টোবৰ (হি.স.)। শুৱালকুছিৰ পদপথত গীত আৰু কবিতাৰে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। আকাশে-বতাহে যেন এতিয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতৰে সুৰ ।

আজিও প্ৰাণৰ শিল্পী গৰাকীৰ বিয়োগত অসমীয়াৰ চকু চকুপানীৰে ভৰপূৰ । শুৱালকুছিৰ ৰিতম পুথিভঁৰালৰ সৌজন্যত নপাৰা চ’কৰ পদপথত গীত আৰু কবিতাৰে কেৱল জুবিন বন্দনা। শুৱালকুছিৰ ন পাৰা চ’কৰ পদপথত অনুষ্ঠিত হয় গীত আৰু কবিতাৰে প্ৰাণৰ শিল্পী গৰাকীলৈ এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

ৰিতম পুথিভঁৰালৰ সঞ্চালক বিকাশ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্ঘ নিবেদন কৰা হয় । দুঘণ্টা জোৰা অনুষ্ঠিত হোৱা অনুষ্ঠানত জুবিন গাৰ্গৰ গীত আৰু জুবিন গাৰ্গক লৈ লিখা কবিতাও সাৱলীলভাৱে পাঠ কৰা হয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande