পত্নী কন্যাক শাৰীৰিক অত্যাচাৰ কৰি শহুৰেকৰ ঘৰত অগ্নি সংযোগ কৰাৰ প্ৰয়াস ঘৰ জোৱাঁইৰ
নগাঁও, ১৭ অক্টোবৰ (হি.স.)। নিজকে সমাজ সেৱক বুলি পৰিচয় দিয়া ঘৰজোৱাঁই ৰাজ নাৰায়ণ বৰাই পত্নীৰ পৰিয়ালক দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে গুৱাহাটীৰ নিজৰ মাটি সম্পত্তি বিক্ৰী কৰি এতিয়া এই নাৰায়ন বৰাই পত্নীক হেঁচা দি আ
পত্নী কন্যাক শাৰীৰিক অত্যাচাৰ কৰি শহুৰেকৰ ঘৰত অগ্নি সংযোগ কৰাৰ প্ৰয়াস ঘৰ জোৱাঁইৰ


নগাঁও, ১৭ অক্টোবৰ (হি.স.)। নিজকে সমাজ সেৱক বুলি পৰিচয় দিয়া ঘৰজোৱাঁই ৰাজ নাৰায়ণ বৰাই পত্নীৰ পৰিয়ালক দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে গুৱাহাটীৰ নিজৰ মাটি সম্পত্তি বিক্ৰী কৰি এতিয়া এই নাৰায়ন বৰাই পত্নীক হেঁচা দি আহিছিল শহুৰৰ ঘৰৰ মাটি-সম্পত্তি বিক্ৰী কৰিবলৈ।

আৰু এই প্ৰস্তাৱ অমান্তি কৰাৰ বাবেই বৃহস্পতিবাৰ সন্ধিয়া নিজ পত্নী, শাহুৱেক আৰু জীয়ৰীক মাৰধৰ কৰি নিজকে আবদ্ধ কৰে ঘৰটোত। নিজকে আবদ্ধ কৰি ৰাজ নাৰায়ণ বৰাই ঘৰটোত অগ্নি সংযোগৰ অপচেষ্টা চলাই। ইতিমধ্যে নগাওঁ সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘৰটোত দুৱাৰ ভাঙি প্ৰবেশ কৰি আটক কৰে ৰাজ নাৰায়ন বৰাই। ঘটনা সন্দৰ্ভত পত্নীয়ে সদৰ আৰক্ষীৰ ওচৰত দাখিল কৰিছে এজাহাৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande