গুৱাহাটী, ১৭ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গৰ মৃত্যুৰ ২৮ টাকৈ দিন অতিক্ৰম কৰাৰ পিছত আজি মহানগৰীৰ সমীপৰ সোণাপুৰৰ হাতীমূৰা টিলাস্থিত জুবিন ক্ষেত্ৰত উপস্থিত হয় লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী।
বিয়লি প্ৰায় ১ বজাত বৰঝাৰৰ বিমান বন্দৰত অৱতৰণ কৰি পোনে পোনে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে জুবিন ক্ষেত্ৰত চলি থকা নাম-প্ৰসঙ্গতো অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে। ফুলৰ থোপাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰি সেৱা আগবঢ়ায় ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে জুবিন ক্ষেত্ৰৰ চৌহদত ৰোপন কৰিলে গছপুলি।
ৰাহুল গান্ধীৰ এই কাৰ্যসূচীত সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ লগতে কেইবাগৰাকীও কংগ্ৰেছী বিধায়ক আৰু কংগ্ৰেছ নেতা-কৰ্মীয়ে। আনহাতে ৰাহুল গান্ধী জুবিন ক্ষেত্ৰত প্ৰৱেশৰ লগে লগে এক অভাৱনীয় পৰিস্থিতিৰো সৃষ্টি হয়। ইয়াৰ পিছতে কংগ্ৰেছ সাংসদগৰাকীয়ে গুৱাহাটী কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহলৈ গৈ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু পিতৃক লগ কৰি সমবেদনা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / Narayan Kar