নগাও, ১৭ অক্টোবৰ (হি.স.)। আমি সৰুৰে পৰা জুবিন গাৰ্গৰ গান শুনিয়েই ডাঙৰ হৈছো৷ জুবিন গাৰ্গৰ মৃত্যুত অত্যন্ত দুখ পাইছো৷ সেইবুলি কাম নকৰিলেতো নহ’ব৷, বিধায়ক শশীকান্ত দাসে শীঘ্ৰে দলত যোগদান কৰিব। তেওঁ যোগদান নকৰাৰ কথাই নাহে। যোৱা কালিও তেওঁ আমাৰ বিধায়িনী দলৰ সভাত অংশগ্ৰহন কৰিছে। সময় আহিলে যোগদান কৰি ল'ব।
- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ৷ শুক্ৰবাৰে ৰহাত বিজেপিৰ এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগিবই বুলি কৈ একাংশ উচ্ছৃংখল লোকে হিংসাত্মক পৰিবেশৰ সৃষ্টি কৰি অস্থিৰ কৰি তোলা বুলি মন্তব্য কৰে৷ লগতে মন্ত্ৰী গৰাকীয়ে ৰহাত সকলো মঠাউৰি ইতিমধ্যে নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে আৰু ৰহা বানমুক্ত হ’ব বুলি মন্তব্য কৰে৷ ইপিনে শীঘ্ৰেই ৰহাৰ বিধায়ক শশীকান্ত দাসে বিজেপিত যোগদান কৰিব আৰু বিজেপি চৰকাৰ তথা দলীয় কাম কাজতো অংশগ্ৰহণ কৰা বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে৷ ইয়াৰ লগতে আজি ৰাহুল গান্ধীৰ অসম আগমনৰ বিষয়ত প্ৰশ্ন কৰাত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা