বৰপেটা, ১৭ অক্টোবৰ (হি.স.):বৰপেটাৰোডৰ খৈৰাবাৰীত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।মটৰ চাইকেল আৰু ই ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুর্ঘটনা। দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় ২ মটৰ চাইকেল আৰোহী সহ ৬ জনকৈ লোক। আহত সকলৰ মাজত এগৰাকী ১৫ বছৰীয়া কিশোৰো আছে। বৰপেটা ৰোড-মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ খৈৰাবাৰীত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। উল্লেখ্য যে এএছ ১৫ এডি ৬২৪৬ নম্বৰৰ মটৰ চাইকেল আৰু যাত্ৰীবাহী ই ৰিক্সাৰ মাজত সংঘটিত এই দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত মটৰ চাইকেল আৰোহি সহিদুল ইছলাম(১৮), জহিদুল ইছলাম(২০) লগতে ই ৰিক্সা চালক মিথুন সাহা(২৫) আৰু ই ৰিক্সাত থকা যাত্ৰী ৰুকিয়া খাতুন(২৪), ৰত্না ৰয়(৪৮) আৰু আসিক হুছেইন (১৫)। ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত আঘাত প্ৰাপ্ত ৬ জনকে সংকট জনক অৱস্থাত আৰক্ষীৰ বাহনেৰে বৰপেটাৰোড চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ৩গৰাকীক বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ