কোকৰাঝাৰ, ১৭ অক্টোবৰ (হি.স.)। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, জুবিন গাৰ্গৰ ব্যক্তিগত দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গুৱাহাটীৰ পৰা বাক্সা জিলাৰ নিকাছিস্থিত কাৰাগাৰলৈ লৈ অনা সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰী ৰাইজৰ মাজত সংঘটিত হোৱা খণ্ডযুদ্ধৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা সাংবাদিকক আক্ৰমণৰ উপৰি আৰু বাহনত অগ্নি সংযোগ কৰা ঘটনাত বড়োলেণ্ড সাংবাদিক সন্থাৰ প্ৰতিক্ৰিয়া৷ আজি কলা বেজ পৰিধান কৰি গোসাঁইগাঁও প্ৰেছ ক্লাবত সাংবিদকৰ প্ৰতিবাদ৷প্ৰেছ ক্লাৱৰ সভাপতি গৰাকী উল্লেখ কৰে যে,সাংবাদিক সকল সদায় জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাক ন্য়ায় প্ৰদান কৰাৰ স্বাৰ্থত।কিন্ত একাংশ দূৰ্বিত্তই অতি ষড়যন্ত্ৰমূলক ভাবে ঘটনাস্থলীত উপস্থিত থকা সাংবাদিকক আক্ৰমণৰ লক্ষ্য় কৰি লোৱাটোক গৰিহনা দিয়া হৈচে।
্ৰ
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ