গোৱালপাৰা, ১৭ অক্টোবৰ (হি.স.)। কৰ্মৰত সাংবাদিকৰ নিৰাপত্তাৰ দাবীত গোৱালপাৰা জিলাৰ সাংবাদিক সকলৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন।গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি পালন কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলৰ লগতে চিপিআই,চিপিআইএম, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, এআইইউডিএফ আৰু অগপ দলৰ বিষয়ববীয়া সকলে উপস্থিত থাকে।
প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰক,আমি ন্যায় বিচাৰো,আমাক ন্যায় দিব লাগিবই, সাংবাদিক নিৰ্যাতন কৰা নচলিব, জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰ লাগিবই আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে গোৱালপাৰা জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ