বাক্সা, ১৭ অক্টোবৰ (হি.স.)। ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বাক্সা জিলাৰ পৰিস্থিতি । বুধবাৰে নিকাছি স্থিত বাক্সা জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত হোৱা অনাকাংক্ষিত ঘটনাৰ পিছতে জটিল ৰূপ ধাৰণ কৰিছিল জিলা খনত । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছিল ইন্টাৰনেট সেৱা । বুধবাৰৰ পৰা আজি শুক্ৰবাৰৰ আগবেলালৈকে ইন্টাৰনেট অবিহনে চলিব লগীয়া হৈছে বাক্সাবাসী।
অৱশ্যে কিছু সময় পূৰ্বে পুনৰ ইন্টাৰনেট সেৱা সক্ৰিয় হোৱাত সকাহ পাইছে সকলোৱে । পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি বুধবাৰে সন্ধিয়াৰ পৰা অনিৰ্দিষ্ট কাললৈ কাৰাগাৰৰ ৫০০ মিটাৰ এলেকাৰ ব্যাসাৰ্ধত বাস্কা জিলা দণ্ডাধীশে জাৰি কৰা বিএনএছ ৰ ১৬৩ ধাৰা বৰ্তমানেও বাহাল আছে।
বৰমা হাওৱে চ'কৰ পৰা আনফালে মুছলপুৰ হৈ নিকাছি আৰু কাৰাগাৰৰ দাতিকাষৰীয়া অঞ্চলত বৰ্তমানো গিজগিজাই আছে চিআৰপিএফ, আৰএএফ , এচএচবি কে ধৰি কেইবাটাও অৰ্ধ সামৰিক বাহিনীৰ জোৱান সকলে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু