সোণাপুৰত জুবিনক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, ১৭ অক্টোবৰ(হি.স.)। কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসভৱনত আজি উপস্থিত হৈ শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। এদিনিয়া ভ্ৰমণসূচী লৈ অসমত উপস্থিত হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গাৰ্গৰ বাসভৱনত পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰে কংগ্ৰেছ নেতা গৰাকীয়ে। জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত লোকসভাৰ বিৰোধী দলপতি গৰাকীয়ে কয়, ‘‘মই ১৭ বছৰ বয়সতে পৰ্বতাৰোহণ কৰিছিলোঁ। ইয়াৰ পাছত মই যেতিয়াই পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ বাবে গৈছিলোঁ, তেতিয়াই মই কাঞ্চনজংঘা চাইছিলোঁ৷’’
তেওঁ কয়, ‘‘জুবিন গাৰ্গে কৈছিল যে তেওঁ কাঞ্চনজংঘা আছিল৷ তেওঁ কাঞ্চনজংঘাই৷ কাৰণ তেওঁৰ শৰীৰত কাঞ্চনজংঘাৰ গুণ আছে। মই আজি জুবিন গাৰ্গৰ ঘৰলৈ আহিলোঁ। তেওঁ প্ৰকৃতাৰ্থতেই সফল, মানৱদৰদী। অসমবাসী ইয়াৰ বাবে নিশ্চিতভাৱে গৌৰৱৰ অধিকাৰী।’’ গান্ধীয়ে লগতে কয়, ‘‘মই জুবিন গাৰ্গৰ পিতৃৰ সৈতেও বাৰ্তালাপ কৰিলো। জুবিন গাৰ্গে যি কৰিলে সেয়া কেৱল অসমৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবেই সম্পদ। আজি এইদিনটোত ইয়ালৈ আহি মই অত্যন্ত শোক প্ৰকাশ কৰিছো।’’
জুবিন গাৰ্গৰ মৃত্যু পৃথিৱীৰ বাবেই অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি তেওঁ লগতে কয়, ‘‘জুবিন গাৰ্গৰ পৰিয়ালে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণটো জানিব বিচাৰিছে। ৰাজ্যবাসীয়েও জানিব বিচাৰিছে প্ৰকৃত ৰহস্য৷ ঘটনাটোৰ উচিত আৰু তাৎক্ষণিক তদন্ত কৰাটো ৰাজ্য চৰকাৰৰ কৰ্তব্য। মই আৰু কংগ্ৰেছ দল সদায় জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে আছোঁ। আমি যদি জুবিন গাৰ্গৰ হৈ কিবা কৰিব পাৰোঁ, নিশ্চিতভাবে বহুত সুখী হ’ম৷’’
উল্লেখ্য যে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ যোৱাৰ পূৰ্বে কংগ্ৰেছ নেতা গৰাকীয়ে সোনাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে । আয়তীৰ সৈতে নাম-প্ৰসংগতো অংশ লয় নেতাগৰাকীয়ে। জুবিনক্ষেত্ৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই ৰাহুল গান্ধীয়ে অৰ্পণ কৰে গামোচা আৰু ফুল।
কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসভৱনৰ পৰা তেঁও পোনে পোনে নতুন দিল্লী অভিমুখে ৰাওনা হয়।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ