কামৰূপ, ১৭অক্টোবৰ (হি.স.)। জাগীৰোডত শুশ্ৰূষা সেতু স্বাস্থ্য শিবিৰৰ শুভ উদ্বোধন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই l অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত যোৱা ১৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱা শুশ্ৰূষা সেতু ৰ শুকুৰবাৰে জাগীৰোড সমজিলাটো শুভাৰম্ভ কৰা হয়। ৰাজ্যৰ বিধান সভা সমষ্টি ভিত্তিক অনুষ্ঠিত হৈ থকা স্বাস্থ্য শিৱিৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই ।
জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত উক্ত শিৱিৰত জাগীৰোড সমষ্টিৰ পাঁচ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী তথা জটিল ৰোগৰ শিশুক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । উল্লেখযোগ্য যে “শুশ্ৰূষা সেতু” স্বাস্থ্য শিবিৰৰ জৰিয়তে বিভিন্ন জটিল ৰোগত আক্ৰান্ত ১৮ বছৰৰ তলৰ শিশু সকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল অথবা প্ৰয়োজন সাপেক্ষে অসমৰ বাহিৰলৈ প্ৰেৰণ কৰা হ'ব বুলি কয় মন্ত্ৰী পীয়ূষ হাজৰিকাই ।
ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা এন এইচ এমৰ প্ৰত্যক্ষ সহযোগত অনুষ্ঠিত কৰা উক্ত স্বাস্থ্য শিবিৰটোত ৩০ গৰাকী বিশিষ্ট চিকিৎসকে শিবিৰ শিশু তথা কিশোৰ কিশোৰী সকলৰ সু–স্বাস্থ্যৰ প্ৰতি লক্ষ্যৰাখি অনুষ্ঠিত কৰা স্বাস্থ্য শিৱিৰ অভিযানটোত অস্ত্ৰোপচাৰ, ঔষধ বিতৰণ আৰু অন্যান্য চিকিৎসাৰ সুবিধা প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে । উক্ত শিৱিৰত মন্ত্ৰী গৰাকীৰ লগতে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰী , স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ বিষয়া লক্ষিমী দত্ত আদি উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু