কামৰূপ, ১৭ অক্টোবৰ (হি.স.)। কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত তেতেলীয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মৰিগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এখন টাটা ডি আই বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা। সা-সামগ্ৰীসহ নিৰ্মাণ কাৰ্যত জড়িত শ্ৰমিকৰ এটা দলক কঢ়িয়াই লৈ গৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাত ডিআই বাহনখনৰ চালক সহ মুঠ সাত গৰাকী শ্ৰমিক কম বেছি পৰিমাণে আহত হয়। ইপিনে দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে ক্ষেত্ৰী যান বাহন আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোত পতিত হোৱা বাহন খনৰ নম্বৰ এএছ ২১ এচি ২২৪২ বুলি জনা গৈছে।
মন কৰিবলগীয়া যে দুৰ্ঘটনা সংঘটিত হোৱা টাটা ডিআই বাহন খনৰ পিছফালে এটি ঢালাই মেচিন কঢ়িয়াই নিছিল।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar