ডিব্ৰুগড়, ১৭ অক্টোবৰ (হি.স.)। ডিব্ৰুগড়ত অৱস্থান ধৰ্মঘট । ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। অসমীয়া জাতিৰ কণ্ঠ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিব্ৰুগড়ত কৃষক মুক্তি সংগ্ৰাম সমিতি , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত আৰু নগৰ সমিতি সহযোগত চৌকিডিঙ্গী চাৰিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হয়।
কাৰ্যসূচীৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সম্পাদক ৰাতুল গোহাঁই বন্তি প্ৰজ্বলন কৰি প্ৰতিবাদ সাব্যস্ত আৰম্ভ কৰে।উক্ত অৱস্থান ধৰ্মঘটৰ জৰিয়তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ বাবে চি. বি. আই. তদন্ত দাবী উত্থাপন কৰে। চৰকাৰে ন্যায় প্ৰদান কৰিব নোৱাৰিলে সমগ্ৰ ৰাজ্যত এক ৰক্তাক্ত পৰিৱেশ সূচনা হব বুলি উল্লেখ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক হুংকাৰ প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা