-মালয়েছিয়াক ২-১ গ’লত পৰাস্ত
- গুৰজোট সিঙে (২২') প্ৰথমটো গ'ল দিয়ে, আনহাতে সৌৰভ আনন্দ কুশৱাহা (৪৮') বিজয়ী গ'লটো দিয়ে।
জোহৰ (মালয়েছিয়া), ১৭ অক্টোবৰ (হি.স.)। ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলটোৱে এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াই, ২০২৫ চনৰ চুলতান অৱ জোহৰ কাপৰ পুল পৰ্যায়ৰ অন্তিম মেচত আয়োজক মালয়েছিয়াক ২-১ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। এতিয়া খিতাপৰ মেচত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ভাৰত। ভাৰতৰ হৈ ২২ মিনিটত গুৰজোৎ সিঙে প্ৰথমটো গ’ল দিয়াৰ বিপৰীতে ৪৮ মিনিটত সৌৰভ আনন্দ কুশৱাহাই নিৰ্ণায়ক গ’লটো দিয়ে। ৪৩ মিনিটত মালয়েছিয়াৰ হৈ একমাত্ৰ গ’লটো দিয়ে নভিনিশ পেনিকাৰে।
ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰতীয় দলটোৱে আৰম্ভণিৰে পৰাই আগ্ৰাসী পন্থা অৱলম্বন কৰিছিল। ভাৰতীয় ফৰৱাৰ্ডে দ্ৰুত আক্ৰমণ চলাই মালয়েছিয়াৰ ডিফেন্সত হেঁচা প্ৰয়োগ কৰে। যদিও প্ৰথম কোৱাৰ্টাৰত দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল, কোনো এটা দলে গ’ল দিব নোৱাৰিলে, আৰু স্ক’ৰ ০-০ হৈয়েই থাকিল। দ্বিতীয় কোৱাৰ্টাৰত ভাৰতে মালয়েছিয়াক পিছলৈ ঠেলি দিয়ে। ২২ মিনিটত পেনাল্টি কৰ্ণাৰত ৰিবাউণ্ডৰ পৰা গুৰজোৎ সিঙে এক উজ্জ্বল গ’ল দি ভাৰতে ১-০ গ’লত অগ্ৰগতি লাভ কৰে। ভাৰতে হাফটাইমলৈকে এই অগ্ৰগতি বজাই ৰাখিছিল।
তৃতীয় কোৱাৰ্টাৰত মালয়েছিয়াই কামবেক মাউণ্ট কৰে আৰু ৪৩ মিনিটত নভিনিছ পেনিকাৰে গ’ল দি ১-১ গ’লত সমতা স্থাপন কৰে। চূড়ান্ত কোৱাৰ্টাৰটো ৰোমাঞ্চকৰ হৈ পৰিল। ৪৮ মিনিটত ওচৰৰ পৰা সৌৰভ আনন্দ কুশৱাহাই গ’ল দি ভাৰতে ২-১ গ’লত অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত মালয়েছিয়াই সমতা স্থাপনৰ বাবে শক্তিশালী আক্রমণ আৰম্ভ কৰে যদিও ভাৰতীয় ডিফেন্সে উজ্জ্বল প্রদর্শন কৰি অগ্রগতি বজাই ৰাখি জয় নিশ্চিত কৰে৷
এতিয়া ১৮ অক্টোবৰৰ সন্ধিয়া ৬:০৫ বজাত (ভাৰতীয় সময় অনুসৰি) ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে খেলিব।
हिन्दुस्थान समाचार / অৰৱিন্দ