গুৱাহাটী, ১৭ অক্টোবৰ (হি.স.)। আজি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱৰ দ্বাৰা পাণ্ডুৰ চিগনেল এণ্ড টেলিকম বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত (এছটিচি) এটা অত্যাধুনিক কৱচ লেব মডেলৰ উদ্বোধন কৰা হয়। এই উন্নত সুবিধাৰ প্ৰৱৰ্তনভাৰতীয় ৰে’লৱেৰ বাবে অধিক সুৰক্ষিত,স্মাৰ্ট আৰু নিৰ্ভৰযোগ্য ৰে’ল পৰিচালনৰ দিশত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত হৈছে।
২০২০ বৰ্ষৰ ৪ জুলাইত ৰাষ্ট্ৰীয় স্বয়ংক্ৰিয় ৰে’ল সুৰক্ষা (এটিপি) চিষ্টেম হিচাপে গৃহীত কৱচ হৈছে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি স্বদেশীভাৱে বিকশিত এক সুৰক্ষা প্ৰযুক্তি। এই পদ্ধতিটোৱে ৰে’লৰ সংঘৰ্ষ ৰোধ কৰা, সংকেত নিৰ্দেশনা কঠোৰভাৱে মানি চলা আৰু সম্ভাৱ্য দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবে ৰে’লৰ গতি স্বয়ংক্ৰিয়ভাৱে নিয়ন্ত্ৰণ কৰাৰ হেতু ডিজাইন কৰা হৈছে। এই প্ৰযুক্তিয়ে ভাৰতীয় ৰে’লৱেৰ শূন্য দুৰ্ঘটনা মিছনৰ প্ৰতি অটল প্ৰতিশ্ৰুতি আৰু স্বদেশীৰূপেপ্ৰস্তুত অত্যাধুনিক নিৰাপত্তা সুবিধাৰ জৰিয়তে আত্মনিৰ্ভৰতাৰ চেতনাক মূৰ্ত কৰি তুলিছে।
এছটিচি/পাণ্ডুত নতুনকৈ স্থাপন কৰা কৱচ লেব মডেলত সকলো প্ৰয়োজনীয় কৱচ সহ-ব্যৱস্থা, যেনে- ষ্টেচন কৱচ, লোকো কৱচ, ৰেডিঅ’ ফ্ৰিকুৱেন্সি কমিউনিকেচন, জিএছএম আৰু জিপিএছ এন্টেনা, লোকো পাইলট ড্ৰাইভাৰ মেচিন ইন্টাৰফেছ, ষ্টেচন মাষ্টাৰ অপাৰেচন-কাম-ইণ্ডিকেচন পেনেল আৰু এটা চিমুলেচন পেনেলেৰে সজ্জিত কৰা হৈছে। এই লেবটো ষ্টেচনৰ মাজত ৰে’লচলাচলৰ বাস্তৱিক চিমুলেচনৰ বাবে ডিজাইন কৰা হৈছে, যিয়ে চিগনেল এণ্ড টেলিকম কৰ্মী, লোকো পাইলট, সহকাৰী লোকো পাইলট আৰু কৱচৰ কাৰ্যকৰীকৰণ, পৰিচালন আৰু ৰক্ষণাবেক্ষণৰ সৈতে জড়িত অন্যান্য গুৰুত্বপূৰ্ণ ৰে’লৱে কৰ্মীৰ বাবে এক বিস্তৃতব্যৱহাৰিকপ্ৰশিক্ষণৰ পৰিৱেশ প্ৰদান কৰিব।
প্ৰকৃত অপাৰেটিং অৱস্থা অনুকৰণ কৰিএই সুবিধাই চিষ্টেমটোৰ কাৰ্যকাৰিতা, ত্ৰুটি নিৰ্ণয় আৰু বিভিন্ন কৱচ উপাদানৰ মাজত সমন্বয়ৰ বোধগম্যতা বৃদ্ধি কৰিব। এই প্ৰচেষ্টাই ৰে’লৱে কৰ্মীৰ কাৰিকৰী দক্ষতা আৰু প্ৰস্তুতিৰ মাত্ৰা উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব, যাৰ ফলত সমগ্ৰ নেটৱৰ্কত অধিক নিৰাপদ আৰু দক্ষ ৰে’ল পৰিচালন নিশ্চিত হৈ উঠিব।
এই উন্নত প্ৰশিক্ষণ সুবিধাৰ প্ৰৱৰ্তনে ভাৰতীয় ৰে’লৱেৰ উদ্ভাৱন, নিৰাপত্তা আৰু দক্ষতা বিকাশৰ প্ৰতি অবিৰত চেতনাক পুনৰ দৃঢ় কৰে, যিয়ে বিশ্বমানৰ ৰে’লৱেআন্তঃগাথনি আৰু পৰিচালনৰ প্ৰচেষ্টাৰ পথ সমৃদ্ধ কৰিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী