ৱেলিংটন, ১৭ অক্টোবৰ (হি.স.): নিউজিলেণ্ডৰ প্ৰাক্তন বেগী বলাৰ গেভিন লাৰ্চনে পুনৰ নিউজিলেণ্ডৰ চয়ন প্ৰৱন্ধক হিচাপে নিযুক্তি লাভ কৰিছে। তেওঁ ছেম ওৱেলছৰ ঠাইত দলটোৰ বাছনি মেনেজাৰ হিচাপে ঘূৰি আহিছে। ইয়াৰ পূৰ্বে ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে একে ভূমিকা পালন কৰিছিল লাৰ্চেনে, তাৰ পিছত ইংলেণ্ড ক্লাব ৱাৰউইকশ্বাৰত পাৰফৰমেন্স ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
৬১ বছৰীয়া লাৰ্ছনে শেহতীয়াকৈ বাস্কেটবল দল নেলছন জায়েণ্টছৰ সৈতে জড়িত হৈ পৰিছিল। এতিয়া তেওঁ নিউজিলেণ্ডৰ মুখ্য প্ৰশিক্ষক ৰব ৱালটাৰৰ সৈতে কাম কৰি নিউজিলেণ্ড, নিউজিলেণ্ড এ, আৰু নিউজিলেণ্ড একাদশৰ সৈতে জড়িত সকলো ভ্ৰমণৰ বাবে দল চয়নৰ তদাৰক কৰিব।
নিযুক্তি সন্দৰ্ভত লাৰ্ছনে এক আনুষ্ঠানিক বিবৃতিত কয় যে, ব্লেককেপছ আৰু ৰাষ্ট্ৰীয় উচ্চ প্ৰদৰ্শনৰ পৰিৱেশলৈ ঘূৰি অহাটো এক সন্মানৰ কথা। নিউজিলেণ্ড ক্ৰিকেটৰ প্ৰতি মই অত্যন্ত আবেগিক, আৰু আকৌ এবাৰ উচ্চতম পৰ্যায়ত অৰিহণা যোগোৱাৰ সুযোগটো অবিশ্বাস্যভাৱে ৰোমাঞ্চকৰ। এই গ্ৰীষ্মকালত কাম আৰম্ভ কৰিবলৈ মই উৎসাহিত আৰু দলটোৰ সফলতাত অৰিহণা যোগাবলৈ আগ্ৰহী।
নিউজিলেণ্ড ক্ৰিকেটৰ মুখ্য উচ্চ প্ৰদৰ্শন বিষয়া ডেৰিল গিবছনে কয় যে লাৰ্চেনৰ অভিজ্ঞতা আৰু আধুনিক খেলৰ বুজাবুজিয়ে তেওঁক এই পদৰ বাবে নিখুঁতভাৱে উপযুক্ত কৰি তুলিছে।
তেওঁ কয়-গেভিনৰ ভূমিকাৰ সৈতে পৰিচিতি আৰু দায়িত্বৰ গভীৰ বুজাবুজিয়ে তেওঁৰ নিৰ্বাচনত মূল ভূমিকা পালন কৰিছিল। তদুপৰি তেওঁৰ আবেগ, শক্তি আৰু পুনৰ অৰিহণা যোগোৱাৰ ইচ্ছাই আমাক আপ্লুত কৰিছিল।
মন কৰিবলগীয়া যে বাছনি মডেলৰ কোনো পৰিৱৰ্তন হোৱা নাই। দল নিৰ্বাচনৰ ক্ষেত্ৰত মুখ্য প্ৰশিক্ষক ৰব ৱালটাৰ্ছে চূড়ান্ত মতামত দিব, লাৰ্ছনে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব। অহা ৩ নৱেম্বৰত আনুষ্ঠানিকভাৱে দায়িত্ব ল’ব লাৰ্চেনে।
हिन्दुस्थान समाचार / অৰৱিন্দ