নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। ভাৰত-ইজিপ্ত কৌশলগত আলোচনাৰ বাবে দিল্লীত থকা ইজিপ্তৰ বৈদেশিক মন্ত্ৰী ড০ বদৰ আব্দেলাতীয়ে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ চৰকাৰী বাসগৃহ ৭ লোক কল্যাণ মাৰ্গত সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে গাজা শান্তি চুক্তিত ইজিপ্তৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিক ধন্যবাদ জ্ঞাপন কৰে আৰু ইয়াৰ ফলত অঞ্চলটোত স্থায়ী শান্তিৰ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰে। বৈদেশিক মন্ত্ৰী আব্দেলাতিয়ে প্ৰধানমন্ত্ৰীক তেওঁৰ ভ্ৰমণৰ সময়ত অনুষ্ঠিত হ’বলগীয়া প্ৰথম ভাৰত-ইজিপ্ত কৌশলগত আলোচনাৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বাণিজ্য, প্ৰযুক্তি, শক্তি, প্ৰতিৰক্ষা, আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত যি অগ্ৰগতি লাভ কৰিছে তাত সন্তুষ্টি প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে ড° আব্দেলাতিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ফটো শ্বেয়াৰ কৰি টুইটাৰত পোষ্ট কৰি কয় যে, ইজিপ্তৰ বৈদেশিক মন্ত্ৰী ড° বদৰ আব্দেলাটিক আদৰণি জনাই মই আনন্দিত হৈছো। গাজা শান্তি চুক্তিত মোৰ বন্ধু ৰাষ্ট্ৰপতি ছিচিয়ে তেওঁৰ মূল ভূমিকা গ্ৰহণ কৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। ভাৰত-ইজিপ্তৰ কৌশলগত অংশীদাৰিত্ব আমাৰ জনসাধাৰণৰ, আমাৰ সমূহীয়া অঞ্চল আৰু মানৱতাৰ সুবিধাৰ বাবে অধিক শক্তিশালী হৈ আহিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ