নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ফ্লেগশ্বিপ মিছন ফিট ইণ্ডিয়াৰ উদ্যোগত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৩১ অক্টোবৰৰ পৰা দুটা বৃহৎ দেশজোৰা চাইকেল অভিযানৰ আয়োজন কৰা হৈছে। আইৰন হুইলছ অৱ ইউনিটি নামেৰে অভিহিত এই অভিযানসমূহে ৰাষ্ট্ৰীয় ঐক্য, ফিটনেছ, আৰু পৰিৱেশ সুৰক্ষাৰ বাৰ্তা বিয়পাই দিব।
কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ৪৪৮০ কিলোমিটাৰ চাইকেল
অহা ৩১ অক্টোবৰৰ পৰা শ্ৰীনগৰ (জম্মু-কাশ্মীৰ)ৰ পৰা আৰম্ভ হ'ব কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ চাইকেল চলোৱা অভিযান। পঞ্জাৱ, দিল্লী, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, আৰু কৰ্ণাটকৰ মাজেৰে যাত্ৰা কৰি ১৬ নৱেম্বৰত কন্যাকুমাৰী (তামিলনাডু)ত সমাপ্ত হ’ব এই যাত্ৰা। ১৫০ গৰাকী চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰিব এই ঐতিহাসিক যাত্ৰাত। এয়া চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ প্ৰতি এক অনন্য শ্ৰদ্ধাঞ্জলি। এই অভিযানৰ নেতৃত্ব দিব বিখ্যাত পৰ্বতাৰোহী নিশা কুমাৰীয়ে ২০২৩ চনৰ ১৭ মে’ত মাউণ্ট এভাৰেষ্ট জয় কৰি ভাৰতৰ পৰা চাইকেলেৰে লণ্ডনলৈ গৈ জলবায়ু পৰিৱৰ্তনৰ পূৰ্বে পৰিৱৰ্তন বাৰ্তা বিয়পাইছিল।
পেডেল টু প্লাণ্টৰ পৰা সেউজা বাৰ্তা
দ্বিতীয়টো অভিযান পেডেল টু প্লাণ্ট ৪ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। অৰুণাচল প্ৰদেশৰ পাংছাউৰ পৰা আৰম্ভ কৰি অসম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, আৰু মধ্যপ্ৰদেশৰ মাজেৰে পাৰ হৈ যোৱা ৩১ ডিচেম্বৰত গুজৰাটৰ মুন্দ্ৰাত সামৰণি পৰিব। যাত্ৰাৰ সময়ছোৱাত চাইকেল আৰোহীসকলে এক লাখ গছপুলি ৰোপণ কৰাৰ লগতে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত জলবায়ু পৰিৱৰ্তন আৰু ফিটনেছৰ বিষয়ে জনজাগৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিব।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডবিয়াই কয়, ফিট ইণ্ডিয়া আইৰন হুইলছ অৱ ইউনিটি অভিযানত অংশগ্ৰহণ কৰা সকলো চাইকেল আৰোহীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এই অভিযান আমাৰ মহান স্বাধীনতা সংগ্ৰামী তথা ৰাষ্ট্ৰনেতা চৰ্দাৰ বল্লভভাই পেটেলৰ বাবে উৎসৰ্গিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন ভাৰতৰ নাগৰিকসকল ফিট আৰু সুস্থ হৈ থকাটো। এই পদক্ষেপে হ'ব। সেই দৃষ্টিভংগীক আৰু অধিক শক্তিশালী কৰা। চাইকেল চলোৱাটো কেৱল ফিটনেছৰ বাবেই উপকাৰী নহয়, প্ৰদূষণ হ্ৰাস কৰাৰ এক ফলপ্ৰসূ উপায়ো।
ড০ মাণ্ডৱিয়াই আৰম্ভ কৰা ‘ফিট ইণ্ডিয়া ছাণ্ডেছ অন চাইকলছ’ অভিযানৰ সম্প্ৰসাৰণ হিচাপে ‘আইৰন হুইলছ অৱ ইউনিটি’ৰ দ্বাৰা ১ লাখ কিলোগ্ৰাম কাৰ্বন নিৰ্গমন হ্ৰাস পাব। এই পদক্ষেপে পৰিৱেশ সুৰক্ষাৰ প্ৰতি ফিট ইণ্ডিয়াৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া