ফকিৰাগ্ৰামৰ সন্দালাটাৰী গাঁৱৰ সাহায্য শিৱিৰত ভয়াৱহ অগ্নিকাণ্ড
কোকৰাঝাৰ, ১৭ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ কৰাইটাৰী ভিচিডিচিৰ অন্তৰ্গত সন্দালাটাৰী গাঁৱৰ সাহায্য শিৱিৰত কালি নিশা ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভষ্মীভূত এটা বাসগৃহৰ লগতে সকল নথিপত্ৰ । আব্দুল হালিম নামৰ লোকজনৰ বাসগৃহৰ লগতে কেইবা লক্ষাধিক টকাৰ
ফকিৰাগ্ৰামৰ  সন্দালাটাৰী গাঁৱৰ সাহায্য শিৱিৰত ভয়াৱহ অগ্নিকাণ্ড।


কোকৰাঝাৰ, ১৭ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ কৰাইটাৰী ভিচিডিচিৰ অন্তৰ্গত সন্দালাটাৰী গাঁৱৰ সাহায্য শিৱিৰত কালি নিশা ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভষ্মীভূত এটা বাসগৃহৰ লগতে সকল নথিপত্ৰ ।

আব্দুল হালিম নামৰ লোকজনৰ বাসগৃহৰ লগতে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি আৰু নথিপত্ৰ জুইত ভষ্মীভূত হয়। ৰাইজে তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও এটা সামগ্ৰীও উদ্ধাৰ কৰিব নোৱাৰিলে।বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেদৰে হল সেয়া স্পষ্ট হোৱা নাই। । আব্দুল হালিম পৰিয়াল সহ কৰ্মসূত্ৰে বাহিৰলৈ থাকে আৰু এই ঘৰটোত কোন না আহিছিল। আব্দুল হালিমে ঘৰটোত তলা মাৰি ইটা ভাটাত কাম কৰিবলৈ গৈছিল আৰু ঘৰত কোনো নথকাৰ সময়তে কালি নিশা ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়।আজি ৰাতি পুৱা উক্ত ঘটনা খবৰ পাই ঘটনাৰ বুজ লবলৈ নেমছু ৰ কোকৰাঝাৰ জিলা সমিতি ৰ সাধাৰণ সম্পাদক ছাদ্দাৰ হুছেইন ঘটনা স্থালীত উপস্থিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande