নলবাৰী, ১৭ অক্টোবৰ (হি.স.): সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে দীপৱলী আৰু সমাগত ৰাস মহোৎসৱ উদযাপন নকৰিবলৈ ফটোৱা জাৰি কৰি হিন্দু সমাজক আঘাত হানিবলৈ চেষ্টা আৰু সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিশ্ব হিন্দু পৰিষদ, বজৰং দল। দীপৱলী আৰু সমাগত ৰাস মহোৎসৱ উদযাপন নকৰিবলৈ ফটোৱা জাৰি কৰা গুৱাহাটী হেদায়েৎপুৰৰ তথাকথিত ইউটিউবাৰ ৰুবুল আহমেদৰ বিৰুদ্ধে যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া নলবাৰী সদৰ থানাত বিশ্ব হিন্দু পৰিষদ, বজং দলে এজাহাৰ দাখিল কৰে ।
অভিযোগকাৰী বিশ্ব হিন্দু পৰিষদৰ কৰ্মী সকলে ইউটিউবাৰ ৰুবুল আহমেদৰ বিৰুদ্ধে কেবাটাও অভিযোগ উত্থাপন কৰি কয় যে ৰুবুল আহমেদে ইছলামিক ৰাষ্ট্ৰঃ গঠনৰ স্বাৰ্থত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু হিন্দু সকলক লক্ষ্য কৰি লৈ এনেবোৰ কৰ্ম কৰি আছে । সেয়েহে ৰুবুল আহমেদৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ