নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। নিৰ্বাচন আয়োগে শুকুৰবাৰে নিৰ্বাচন সদনত নিৰ্বাচনী চোৰাংচোৱা বহু বিভাগীয় সমিতিৰ বৈঠক আহ্বান কৰি আগন্তুক নিৰ্বাচনৰ সময়ত সক্ৰিয় আৰু সমন্বিত পদক্ষেপ নিশ্চিত কৰিবলৈ বিভিন্ন প্ৰৱৰ্তন সংস্থাক নিৰ্দেশ দিয়ে।
নিৰ্বাচন আয়ুক্ত ড০ সুখবীৰ সিং সন্ধু আৰু ড০ বিবেক যোশীৰ সৈতে হোৱা বৈঠকৰ সভাপতিত্ব কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে আয়োগ “শূন্য সহনশীলতা” নীতিৰ প্ৰতি দায়বদ্ধ। তেওঁ কয় যে অৰ্থনৈতিক অপৰাধ আৰু নিৰ্বাচনত ধন ক্ষমতাৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ সকলো প্ৰৱৰ্তনী সংস্থাৰ মাজত তৎকালীন তথ্য বিনিময় আৰু পাৰস্পৰিক সহযোগিতা অতি প্ৰয়োজনীয়।
আয়োগে ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ সংস্থাসমূহৰ মাজত আন্তঃসংস্থা সমন্বয়ৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু নিষিদ্ধ সামগ্ৰী, নিচাযুক্ত দ্ৰব্য, সুৰা, নগদ ধন, আৰু নকল মুদ্ৰাৰ অবৈধ পৰিবহণ ৰোধ কৰিবলৈ সমষ্টিসমূহৰ মানচিত্ৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে।
সভাত চিবিডিটি, চিবিআইচি, বলবৎকাৰী সঞ্চালকালয় (ইডি), ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডিআৰআই), অৰ্থনৈতিক চোৰাংচোৱা ব্যুৰো (চিইআইবি), বিত্তীয় চোৰাংচোৱা ইউনিট (এফআইইউ-আইএনডি), ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই), ইণ্ডিয়ান বেংক এছ’চিয়েশ্যন (আইবিএ), নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰো (এনচিবি), সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), চিআইএছএফ, এছএছবি, এএআই, বিচিএএছ, আৰু ডাক বিভাগ।
বিহাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, ৰাজ্যিক আৰক্ষীৰ ন’ডেল বিষয়া, আৰু মুখ্য নিৰ্বাচনী বিষয়াইও অনলাইনযোগে সভাত যোগদান কৰে। সকলো সংস্থাই আয়োগক তেওঁলোকৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে আৰু নিৰ্বাচনত নগদ ধন আৰু অন্যান্য প্ৰৰোচনাৰ প্ৰভাৱ দূৰ কৰাৰ বাবে পদক্ষেপৰ প্ৰস্তাৱ আগবঢ়ায়।
বৈঠকৰ মূল উদ্দেশ্য আছিল প্ৰৰোচনামুক্ত আৰু স্বচ্ছ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে এক সমন্বিত আৰু ফলপ্ৰসূ কৌশল প্ৰস্তুত কৰা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া