লখিমপুৰ, ১৭ অক্টোবৰ (হি.স.)। ঐতিহ্যমণ্ডিত ফাটবিহু সমিতিৰ বিশেষ পদক্ষেপ।
ভিন্ন জাতি জনজাতিৰ মহা মিলনৰ থলী ঢকুৱাখনাৰ মহঘুলী চাপৰিৰ ঐতিহ্যমণ্ডিত ফাটবিহু বাকৰিত স্থাপন হ'ব ড০ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূর্তি । চলিত মাহতে আৰম্ভ হব প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম। লগতে ২০২৬ বৰ্ষত অনুষ্ঠিত হব লগা ফাটবিহুৰ ফাটবিহুৰ মূখপত্ৰ বিহুৱান খনি জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰাও সিদ্ধান্ত গ্ৰহণ কৰিছে। ফাটবিহু আয়োজক সমিতিৰ বিষয়ববীয়াই এই তথ্য জানিবলৈ দিছে সংবাদ মাধ্যমক।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা