বিহাৰ বিধানসভা নিৰ্বাচনৰ ৪৮ গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ
নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। কংগ্ৰেছ দলে বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ৰ বাবে বৃহস্পতিবাৰে নিশা ৪৮ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে। এআইচিচিৰ সাধাৰণ সম্পাদক কে.চি. বেনুগোপালে নতুন দিল্লীত মুকলি কৰা তালিকাত প্ৰথম পৰ্যায়ৰ ২৪ জন আৰু দ্বিতী
কংগ্ৰেছ


নতুন দিল্লী, ১৭ অক্টোবৰ (হি.স.)। কংগ্ৰেছ দলে বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ৰ বাবে বৃহস্পতিবাৰে নিশা ৪৮ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে। এআইচিচিৰ সাধাৰণ সম্পাদক কে.চি. বেনুগোপালে নতুন দিল্লীত মুকলি কৰা তালিকাত প্ৰথম পৰ্যায়ৰ ২৪ জন আৰু দ্বিতীয় পৰ্যায়ৰ ২৪ জনকৈ প্ৰাৰ্থী আছে।

এই ৪৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত দলটোৱে ৫ গৰাকী মহিলা প্ৰাৰ্থীক মনোনীত কৰিছে। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰাজেশ ৰামে কুটুম্বা (অনুসূচিত জাতি) আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। এই তালিকাত ১০খন অনুসূচিত জাতি আৰু ১খন অনুসূচিত জনজাতিৰ আসন সন্নিবিষ্ট কৰা হৈছে। কংগ্ৰেছে গ্ৰেণ্ড এলায়েন্সৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব আৰু বাকী থকা আসনসমূহ শীঘ্ৰে ঘোষণা কৰিব।

উল্লেখ্য যে ২৪৩ জনীয়া বিহাৰ বিধানসভাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৰাজ্যখনত ৬ আৰু ১১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। আনহাতে

১৪ নৱেম্বৰত প্ৰকাশ পাব ফলাফল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande