ব্ৰিটেইনত ১৯২২ চনৰ ১৮ অক্টোবৰত ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যন (বিবিচি) প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথমতে ব্ৰিটিছ ব্ৰডকাষ্টিং কোম্পানী নামেৰে জনাজাত এই সংস্থাটোক ৰেডিঅ' সম্প্ৰচাৰৰ পথ প্ৰদৰ্শক হিচাপে ৰেডিঅ' সঁজুলি নিৰ্মাতা কোম্পানী এটাই গঠন কৰিছিল। সেই সময়ত ৰেডিঅ’ আছিল এক নতুন মাধ্যম আৰু ইয়াক গণসংযোগৰ প্ৰধান মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰাত বিবিচিয়ে মূল ভূমিকা পালন কৰিছিল।
১৯২৭ চনত ব্ৰিটিছ চৰকাৰে কোম্পানীটোক ৰাজহুৱা নিগমৰ মৰ্যাদা প্ৰদান কৰি ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যন (বিবিচি) নামেৰে নামাকৰণ কৰে। বিবিচিৰ মূলমন্ত্ৰ হৈছে “ৰাষ্ট্ৰই ৰাষ্ট্ৰক শান্তিৰ কথা ক'ব।” (Nation shall speak peace unto Nation) ।
সময়ৰ লগে লগে বিবিচিয়ে ৰেডিঅ’ৰ বাহিৰলৈও সম্প্ৰসাৰণ ঘটাই টেলিভিছন আৰু ডিজিটেল মাধ্যমলৈও নিজৰ প্ৰসাৰ ঘটালে। আজি ই বিশ্বৰ অন্যতম পুৰণি আৰু প্ৰতিষ্ঠিত ৰাজহুৱা সম্প্ৰচাৰ সংস্থা, যিয়ে বিশ্বজুৰি উচ্চমানৰ বাতৰি, মনোৰঞ্জন আৰু শিক্ষামূলক বিষয়বস্তু প্ৰদান কৰে।
অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা-
১৮৯৮ - আমেৰিকাই স্পেইনৰ পৰা প’ৰ্ট’ ৰিকো নিজৰ অধীনলৈ আনে।১৯২২ - ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যন (বিবিচি) প্ৰতিষ্ঠা কৰা হয়।১৯৪৪ - দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ছোভিয়েট ইউনিয়নে নাজী জাৰ্মানীৰ পৰা চেকোস্লোভাকিয়াৰ স্বাধীনতাৰ বাবে যুঁজ আৰম্ভ কৰে।১৯৭২ - আজিৰ দিনটোতে বাংগালুৰুত প্রথম বহুকর্মী হেলিকপ্টাৰ এছ এ-৩১৫ পৰীক্ষণ কৰা হয়।১৯৮০ - বোম্বাই (মুম্বাই)ৰ ব্ৰাবৰ্ণ ষ্টেডিয়ামৰ পৰা প্ৰথম হিমালয়ৰ গাড়ী ৰেলীৰ ফ্লেগ অফ কৰা হয়।১৯৮৫ - বিশ্বজুৰি ব্যাপক প্ৰতিবাদৰ পিছতো দক্ষিণ আফ্ৰিকা চৰকাৰে কৃষ্ণাংগ কবি বেঞ্জামিন মল'ইজক ফাঁচী দিয়ে।১৯৯১ - দক্ষিণ-পশ্চিম এছিয়া আৰু দক্ষিণ-পূব ইউৰোপৰ সংযোগস্থলত অৱস্থিত আজাৰবাইজানে পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা ঘোষণা কৰে।১৯৯৫ - কলম্বিয়াৰ কাৰ্টাজেনাত অসংলগ্ন আন্দোলনৰ একাদশ সন্মিলন আৰম্ভ হয়।১৯৯৮ - ভাৰত আৰু পাকিস্তানে পাৰমাণৱিক ভাবুকি ৰোধ কৰিবলৈ সন্মত হয়।২০০০ - শ্ৰীলংকাত প্ৰথমবাৰৰ বাবে বিৰোধী দলৰ সদস্য অনুৰা বান্দৰনাইকে সংসদৰ অধ্যক্ষ নিৰ্বাচিত হয়।২০০৪ - আজিৰ দিনটোতে কুখ্যাত চন্দন কাঠ সৰবৰাহকাৰী বীৰপ্পানক হত্যা কৰা হয়।২০০৪ - ম্যানমাৰৰ প্ৰধানমন্ত্ৰী খিন নিউণ্টক দুৰ্নীতিৰ অভিযোগত পদচ্যুত কৰি গৃহবন্দী কৰা হয়।২০০৫ - পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে ভূমিকম্পৰ সাহায্যৰ কামৰ বাবে নিয়ন্ত্ৰণ ৰেখা মুকলি কৰাৰ পৰামৰ্শ দিয়ে।২০০৭ - আজিৰ দিনটোতে বেনজিৰ ভুট্টোৱে আঠ বছৰৰ অন্তত নিজৰ গৃহভূমি পাকিস্তানলৈ উভতি আহে। বেনজিৰ ভুট্টোৰ মটৰ কাৰ ৰেলীত আত্মঘাতী আক্ৰমণৰ ফলত ১৩৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৫০ জন লোক আহত হয়। ভুট্টোৱে সংকীৰ্ণভাৱে মৃত্যুৰ পৰা ৰক্ষা পৰিল।২০০৭ - কানাডাৰ সংসদৰ নিম্ন সদনে ম্যানমাৰৰ বিৰোধী নেতা আং ছান ছু কিক সন্মানীয় কানাডাৰ নাগৰিকত্ব প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনায়।২০০৭ - ছান ফ্ৰান্সিস্কোৰ হেট ক্ৰিকত দূৰৈৰ মহাকাশত জীৱৰ সন্ধানৰ বাবে এলেন টেলিস্কোপ এৰে (এটিএ) স্থাপন কৰা হয়।
২০০৮ - আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী মায়াৱতীয়ে ৰায়ে বৰেলীত ৰে'ল ডবা কাৰখানাৰ বাবে ১৮৯.২৫ কোটি একৰ মাটি ৰে'ল মন্ত্ৰালয়ক ঘূৰাই দিয়ে।
জন্ম-
১৯১৯ - উইলিয়ামছন এ চাংমা - ভাৰতৰ মেঘালয় ৰাজ্যৰ প্ৰাক্তন প্ৰথম মুখ্যমন্ত্ৰী।১৯২৫ - ইব্ৰাহিম আলকাজি - ভাৰতৰ প্ৰখ্যাত নাট্য পৰিচালক আৰু নেচনেল স্কুল অৱ ড্ৰামাৰ প্ৰাক্তন সঞ্চালক।১৯২৫ - নাৰায়ণ দত্ত তিৱাৰী - উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।১৯৫০ - ওম পুৰী - বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেতা।১৯৭২ - চিন্তা অনুৰাধা - ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ পৰা ১৭ নং লোকসভাৰ সদস্য।
মৃত্যু-
১৮৬৫ - ভিছকাউন্ট পামৰষ্টন - ১৯ শতিকাৰ মাজভাগত দুবাৰকৈ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা এজন ব্ৰিটিছ ৰাষ্ট্ৰনেতা।১৯৭৬ - বিশ্বনাথ সত্যনাৰায়ণ - বিখ্যাত তেলেগু সাহিত্যিক।১৯৯৬ - ৰামকৃষ্ণ ক্ষত্ৰী - ভাৰতৰ অন্যতম আগশাৰীৰ বিপ্লৱী।২০০৮ - ই.কে. মলং - মেঘালয়ৰ প্ৰাক্তন সপ্তম মুখ্যমন্ত্ৰী।২০১৩- ৰাৱুৰি ভৰদ্বাজ - তেলেগু ঔপন্যাসিক, গল্পকাৰ, কবি, আৰু সমালোচক।
हिन्दुस्थान समाचार / অৰৱিন্দ