গান্ধীনগৰ, ১৭ অক্টোবৰ (হি.স.)। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে শুকুৰবাৰে পুৱা গুজৰাটৰ গান্ধীনগৰৰ ৰাজভৱনত ৰাজ্যপাল আচাৰ্য দেৱব্ৰতক সাক্ষাৎ কৰি কেবিনেট সম্প্ৰসাৰণৰ অনুমতি বিচাৰিছিল। ইয়াৰ পিছতে কেবিনেট সম্প্ৰসাৰণ কাৰ্যসূচী আৰম্ভ হয়, যিটো বৰ্তমান চলি আছে।
আজি মুখ্যমন্ত্রীয়ে ৰাজ্যপালক গুজৰাটৰ মন্ত্রী পৰিষদৰ সাম্প্ৰতিক অৱস্থাৰ বিষয়ে অৱগত কৰে৷ লগতে মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ বাবে শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰিছিল। ইয়াৰ পিছতে আৰম্ভ হ’ল কেবিনেট সম্প্ৰসাৰণ কাৰ্যসূচী। ইতিমধ্যে কেইবাজনো মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছে। সবিশেষ লাভ কৰাৰ লগে লগে সম্পূৰ্ণ প্ৰতিবেদন প্ৰকাশ কৰা হ’ব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী