নগাঁও, ১৭ অক্টোবৰ (হি.স.)। চামগুৰিত কালি সন্ধিয়া জব্দ ২ কুইণ্টল নিষিদ্ধ থাইলেন মাগুৰ মাছ। চামগুৰিৰ দুই নং গটঙাত জব্দ মাছ খিনি।দুই নং গটঙাৰ পৰা লখিমপুৰৰ দৌলত পুৰৰ ছফিকুল ইছলামে ক্ৰয় কৰিছিল মাছ খিনি।
হাতে লুটে চামগুৰি আৰক্ষীয়ে লখিমপুৰৰ ছফিকুল ইছলামৰ সহ অন্য এজন লোকক আটক কৰাৰ লগতে পঞ্জীয়ন নম্বৰ বিহীন বাহন জব্দ কৰে।উল্লেখ্য যে পঞ্জীয়ন নম্বৰ বিহীন ভাৱেই লখিমপুৰৰ পৰা চামগুৰিলৈ থাইলেন মাগুৰ মাছ ক্ৰয় কৰিবলৈ আনিছিল বাহন খন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ