আজি ছত্তীশগড়ৰ বস্তৰত মুখ্যমন্ত্ৰীৰ সন্মুখত আত্মসমৰ্পণ কৰিব ২০০ৰো অধিক মাওবাদী
ৰায়পুৰ, ১৭ অক্টোবৰ (হি.স.)। বিজেপি চৰকাৰৰ নক্সাল বিৰোধী নীতি আৰু অবিৰত, শক্তিশালী কৌশলগত প্ৰচেষ্টাৰ অংশ হিচাপে শুকুৰবাৰে ছত্তীশগড়ৰ বস্তৰ (দণ্ডকাৰণ্য অঞ্চল)ৰ ২০০ৰো অধিক মাওবাদী কেডাৰে মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাইৰ সন্মুখত আত্মসমৰ্পণ কৰিব। এই ২০০ মাও
आत्मसमर्पण के लिए आते नक्सलियाें का जत्था एक दिन पहले की फाइल फाेटाे


ৰায়পুৰ, ১৭ অক্টোবৰ (হি.স.)। বিজেপি চৰকাৰৰ নক্সাল বিৰোধী নীতি আৰু অবিৰত, শক্তিশালী কৌশলগত প্ৰচেষ্টাৰ অংশ হিচাপে শুকুৰবাৰে ছত্তীশগড়ৰ বস্তৰ (দণ্ডকাৰণ্য অঞ্চল)ৰ ২০০ৰো অধিক মাওবাদী কেডাৰে মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাইৰ সন্মুখত আত্মসমৰ্পণ কৰিব। এই ২০০ মাওবাদীৰ ভিতৰত ৰূপেশকে ধৰি কেইবাজনো উচ্চ পদস্থ নক্সালবাদীও আছে। এই অনুষ্ঠানত ছত্তীশগড়ৰ গৃহমন্ত্ৰী বিজয় শৰ্মা, বস্তৰ ৰেঞ্জৰ আই জি পি সুন্দৰৰাজ,কে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকিব।

বস্তৰ আই জি পি সুন্দৰৰাজৰ মতে আত্মসমৰ্পণ কৰা নক্সালসকলৰ ভিতৰত আছে কেন্দ্ৰীয় সমিতিৰ সদস্য ৰূপেশ ওৰফে আসনা, দণ্ডকাৰ্য বিশেষ খণ্ড সমিতিৰ সক্ৰিয় নক্সালবাদী ভাস্কৰ আৰু ৰাজু চালাম, নক্সালবাদী মুখপাত্ৰ ৰাণীতা। মাদ সংমণ্ডলৰ প্ৰায় ১৫৮ জন নক্সালবাদীৰ ভিতৰত ৭০ জনেই অস্ত্ৰ-শস্ত্ৰ লৈ আত্মসমৰ্পণ কৰিছে। তদুপৰি কাংকেৰত সক্ৰিয় ৫০ জন নক্সালবাদীৰ ভিতৰত ৩৯ জনেই অস্ত্ৰ-শস্ত্ৰ আৰক্ষীক অৰ্পণ কৰিছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande