কামৰূপ,১৭ অক্টোবৰ (হি.স.)। নিশা বকোৰ দুটা পৃথক স্থানত চুৰিকাণ্ড। কালিয়াবড়ীৰ ৰঞ্জিত দলৈৰ ঘৰত চুৰি। ঘৰত কোনো নথকাৰ সুযোগ লৈ আ-অলংকাৰ, সম্পদ চুৰি। প্ৰায় আঢ়ৈ লাখ টকা মূল্যৰ সোণ আৰু নগদ ২০ হাজাৰ টকা চুৰি। আনফালে মেডিকেল চ'কৰ ননিতা কলিতাৰ গৃহতো চুৰিকাণ্ড। ১২ যোৰ সোণৰ খাৰু আৰু প্ৰায় ৬ টা আঙঠি চুৰি। চুৰি হোৱা সোণৰ মূল্য প্ৰায় তিনি লাখ হব বুলি প্ৰকাশ। বকো অঞ্চলত সঘনাই সংঘটিত হৈ আহিছে চুৰিকাণ্ড।
অঞ্চলটোত নিশা আৰক্ষীৰ তহল দিয়াৰ লগতে চোকা পহৰাৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজৰ দাবী। বিগত কিছুদিনৰ পৰা অঞ্চলটোত সঘনে চুৰি কাণ্ড সংঘটিত হৈ আহিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা