ওদালগুৰি, ১৭ অক্টোবৰ (হি.স.)। ৰাজ্য চৰকাৰৰ সেৱাই সমৰ্পন কাৰ্যসূচীৰ অংশস্বৰূপে টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আজি শুশ্ৰুষা সেতু শীৰ্ষক এখনি বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। ওঠৰ বছৰৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰী সকলক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰতিটো বিধান সভা সমষ্টিতে এই বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে।
এই পদক্ষেপৰ অংশস্বৰূপে আজি তাৰিখে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়।এই স্বাস্থ্য শিবিৰত শিশু ৰোগ বিশেষজ্ঞ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞ, অস্থিৰোগ বিশেষজ্ঞ, চৰ্মৰোগ বিশেষজ্ঞ, চকু ৰোগ বিশেষজ্ঞ, কাণ, নাক, ডিঙি ৰোগ বিশেষজ্ঞ, আদিকে ধৰি প্ৰায় বিলাক বেমাৰৰ বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়াই। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিশেষজ্ঞ চিকিৎসক উপস্থিত থকা এই স্বাস্থ্য শিবিৰৰ জৰিয়তে হৃদযন্ত্ৰ, স্নায়ু, বংশানুক্ৰমিক ৰোগ, যকৃৎ, বিক্ক, চকু, নাক- কাণৰ ৰোগকে ধৰি ৫০ বিধৰো অধিক ৰোগৰ পৰীক্ষা তথা পৰবৰ্তী পৰ্যায়ত বিনামূলীয়াভাৱে প্ৰয়োজনীয় চিকিৎসা প্ৰদান আৰু পুনৰীক্ষণৰ ব্যৱস্থা কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ