গুৱাহাটী, ১৭ অক্টোবৰ (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আধুনিক অসমৰ স্থপতি হিচাপে পৰিচিত সিংহ-পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ জন্ম জয়ন্তীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অসমৰ ক্ৰীড়া জগত, সাংবাদিকতা, আৰু বহুতো ক্ষেত্ৰত বৰুৱাৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁক এনে এজন দূৰদৰ্শী বুলি অভিহিত কৰে, যাৰ প্ৰচেষ্টাই আধুনিক অসমৰ পৰিচয় আৰু প্ৰগতিৰ ভেটি স্থাপন কৰিছিল।
উল্লেখযোগ্য যে ১৯০০ চনৰ ১৭ অক্টোবৰত জন্মগ্ৰহণ কৰা আৰু ১৯৭৭ চনৰ ১৫ জুলাইত মৃত্যু হোৱা ৰাধা গোবিন্দ বৰুৱা এগৰাকী অসমীয়া ব্যৱসায়ী, সমাজকৰ্মী, সাংস্কৃতিক আৰু ক্ৰীড়া কৰ্মী আছিল। তেখেত দ্য আছাম ট্ৰিবিউন কাকত গোটৰ প্ৰতিষ্ঠাপক। অসমীয়া ভাষাৰ দৈনিক অসম (১৯৬৫) আৰু সাপ্তাহিক অসম বাণীও প্ৰতিষ্ঠা কৰে। তেওঁৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছিল গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম। তেওঁ এদশক ধৰি অসম ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও গুৱাহাটী ইনড’ৰ ষ্টেডিয়াম, অসম সংগীত সন্মিলন, অসম উৰণীয়া ক্লাব, অসম হকী সন্থা, অসম বেডমিণ্টন সন্থা আদি স্থাপনৰ উদ্যোগত। তেওঁৰ এই প্ৰচেষ্টাতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হয়। তেওঁৰ নামত ডাক টিকটো জাৰি কৰা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া