পাটনা, ১৭ অক্টোবৰ (হি.স.)। দুদিনীয়া বিহাৰ ভ্ৰমণৰ বাবে পাটনাত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহ আৰু সমবায়া মন্ত্ৰী অমিত শ্বাহ। তেওঁ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এনডিএ)ৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব।
বৃহস্পতিবাৰে সন্ধিয়া অমিত শ্বাহে পাটনাত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়, য’ত তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত প্ৰতিক্ৰিয়া লাভ কৰে আৰু দলীয় সংগঠনটোক বুথ পৰ্যায়লৈকে শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়ে।
অমিত শ্বাহে কয় যে এই নিৰ্বাচনে বিহাৰৰ উন্নয়ন, সুশাসন, আৰু এখন স্বাৱলম্বী ৰাজ্য সৃষ্টিৰ দিশ নিৰ্ধাৰণ কৰিব। সভাত ৰাজ্যৰ সভাপতি, সাংসদ, বিধায়ক, জিলা পৰ্যায়ৰ বিশিষ্ট নেতাসকল উপস্থিত থাকে।
অমিত শ্বাহৰ বিহাৰ ভ্ৰমণক তেওঁৰ প্ৰচাৰ অভিযানৰ আৰম্ভণি হিচাপে দেখা গৈছে। শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত তেওঁ সাৰণ (ছাপৰা) জিলাৰ তৰাইয়াত উপস্থিত হ’ব, য’ত তেওঁৰ প্ৰথমখন ৰাজহুৱা সভা অনুষ্ঠিত হ’ব। এই ৰাজহুৱা সভাখনেই হ’ব তেওঁৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথমটো বৃহৎ নিৰ্বাচনী সভা।
এই সমাৱেশত অমিত শ্বাহে এন ডি এ মিত্ৰজোঁটৰ ঐক্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰিব, লগতে বিহাৰৰ উন্নয়নৰ প্ৰতি বিজেপিৰ দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰিব। এই ভ্ৰমণৰ সময়ত এন ডি এৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব।
তৰাইয়াৰ পৰা উভতি অহাৰ পাছত অমিত শ্বাহে পাটনাৰ জ্ঞান ভৱনত অনুষ্ঠিত বুদ্ধিজীৱী সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ শিক্ষাবিদ, ব্যৱসায়ী, চিকিৎসক, আৰু যুৱ উদ্যোগীৰ সৈতে মত বিনিময় কৰিব। সন্ধিয়া শ্বাহে দলৰ নিৰ্বাচন পৰিচালনা সমিতিৰ সৈতে বৈঠকত মিলিত হ’ব, য’ত বুথ পৰিচালনা, ছ’চিয়েল মিডিয়া কৌশল, আৰু প্ৰচাৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব।
অমিত শ্বাহৰ এই ভ্ৰমণৰ উদ্দেশ্য কেৱল বিজেপি সংগঠনক নিৰ্বাচনী মোডলৈ অনাই নহয় এন ডি এ মিত্ৰজোঁটৰ ভিতৰত সমন্বয় সুদৃঢ় কৰা। বিজেপি আৰু জেডিইউৰ মাজত হোৱা আসন ভাগ-বতৰা চুক্তিৰ পাছত এতিয়া দুয়োটা দলে প্ৰচাৰৰ পথত নামিছে। শ্বাহৰ এই ভ্ৰমণে জেডিইউ আৰু বিজেপি উভয়ৰে কৰ্মীক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।
আনহাতে ১৮ অক্টোবৰ শনিবাৰে সন্ধিয়া পাটনাৰ পৰা দিল্লীলৈ উভতি আহিব অমিত শ্বাহ। ইয়াৰ পূৰ্বে আন কেইবাজনো স্থানীয় নেতাৰ সৈতে সাক্ষাৎ কৰি নিৰ্বাচনী গতিশীলতাৰ বিষয়ে চৰ্চা কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া